বালিপৰাত মোডী-সোণোৱাল-জোৱেল ওৰামৰ প্ৰতিকৃতি দাহ

তেজপুৰঃ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু চাহজনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অসম চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ কৰে।

উল্লেখ্য যে অসম চাহ মজদুৰ সংঘৰ নিৰ্দেশ মৰ্মে ফুলবাৰী শাখা সমিতিৰ উদ্যোগত বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত সৰ্বানন্দ সোণোৱাল, জোৱেল ওৰাম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানৰে আকাশ-বতাহ উত্তাল কৰি তোলে।

উক্ত প্ৰতিবাদী কাৰ্যসূচিত চাহ মজদুৰ সংঘ, আছা আৰু বাগিচাৰ কৰ্মচাৰী উপস্থিত থাকে।