তেজপুৰৰ ৮২ সংখ্যক মিলন বাকৰি ৰাস মহোৎসৱৰ প্ৰস্তুতি

তেজপুৰঃ ১৯৩৬ চনত তেজপুৰৰ মিলন বাকৰিত প্ৰতিষ্ঠা হোৱা মিলন বাকৰি ৰাস মহোৎসৱ এইবেলি ৮২ বছৰত ভৰি দিছে।

অহা ইংৰাজী ৩, ৪ নৱেম্বৰ তাৰিখে মিলন বাকৰি ১৪ খন চুবুৰীৰ ৰাইজৰ প্ৰচেষ্টাত প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰী কৃষ্ণ ৰাস যাত্ৰাৰ আয়োজন কৰা হৈছে।

আজি মিলনবাকৰি ৰাসৰ দেৱপুৰ নামঘৰত মূল ৰাসৰ আৰু মিলনপুৰ শইকীয়া চুবুৰি মজলীয়া বিদ্যালয়ত নৃত্যনাটিকা মহুৰত তথা আখৰা আৰাম্ভ হয়।