জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, চাৰিদুৱাৰত সংগীত বিদ্যালয় উন্মোচন

তেজপুৰ টাউনঃ অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক বুধবাৰে ৰাজ্যবাসীয়ে স্মৰণ কৰাৰ সময়তে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত শিল্পী দিবসৰ দিনটোতে এখন সংগীত বিদ্যালয় উদ্ধোধন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই।

সংগীত বিদ্যাপীঠৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডঃ এম জি ভি কে ভানু। আনহাতে, চাৰিদুৱাৰৰ সিমান্ত মিলন সংঘৰ ভৱন উদ্ধোধন কৰে এম জি ভি কে ভানুৱে। চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত সংগীত বিদ্যালয় উদ্ধোধন কৰি অসমৰ দৰে ৰাজ্যত কাম কৰিব পায় বহুত সুখী বুলি কৈ ভানুৱে পূৰ্বে কিবা পূন্য কাম কৰাৰ বাবেহে অসমৰ দৰে ৰাজ্যত কাম কৰাৰ সুযোগ পাইছো বুলি মন্তব্য অাগবঢ়ায়। 

তেজপুৰৰ নিকামূলৰ শোণিতপুৰ জাতীয় বিদ্যালয়ে বৃহস্পতিবাৰে ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি পুৱাই শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত বড়ো, নেপালী, তিৱা, বিহুৰ লগতে অসমৰ‌ কৃষ্টি-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে ৰাইজে৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশিষ্ট সমাজসেৱক ৰবি দে’ক সম্বৰ্ধনা যাচে বিদ্যালয় কৰ্তৃপক্ষই৷