চৌদিশে এতিয়া শেৱালি সুৱাস, চিৰাচৰিত নীতিৰে ধৰালৈ দেৱী দুৰ্গাৰ আগমন

newsnextone.comতেজপুৰঃ শুভ্ৰ শেৱালী , অপৰাজিতা গুচ্চ ,ৰক্তাভ পদ্মৰ মালাৰে ভৰপুৰ হৈ পৰিছে প্ৰকৃতি। নি:সংগ প্ৰকৃতি এতিয়া জাতিস্কাৰ। মেঘ মুক্ত শৰৎৰ উজ্জ্বল বৰ্ণ , চছটা ,কঁহুৱা বনৰ নিৰ্মল শুভ্ৰ আৰু বতাহৰ হিল্লোলে সমগ্ৰ দিগন্ত জুৰি সৃষ্টি কৰিছে স্বৰ্ণালী আভা।

এই সকলোবোৰ সুখ-সমৃদ্ধি আৰু ঐশ্বয্য দায়িনী মাতৃ মংগলময় আনন্দৰ প্ৰতীক। যাৰ কল্যান স্পৰ্শৰ মানুহে আহৰণ কৰে সীমাহীন আনন্দ। সেই আনন্দই জীৱন কৰি তোলে সৌন্দয্যময় , বৰ্ণময় , মধুময় আৰু সমৃদ্ধ।

প্ৰকৃতি  যেন একেই উৎসাহ উদ্দীপনাৰে শৰৎৰ স্পৰ্শতেই বিভিন্ন চুমা আঁকি সাজোনে কাচোনে মতলিয়া হৈ উঠে। টুপ টুপ নিয়ৰ , শেৱালিৰ সুৱাস আৰু প্ৰাণৱন্ত কঁহুৱাৰ লয়লাস।

চৌদিশে এতিয়া কেৱল শাৰদীয় পূজাৰ উল্লাস। অসমত বসন্ত আৰু শৰৎক লৈ বহুতে সৃষ্টি কৰে অনাবিল আনন্দৰ। তেজপুৰৰ বহু প্ৰান্তত দুৰ্গা পুজাক লৈ ব্যস্ত হৈ পৰা দেখা গৈছে।

শুভ্ৰ শেৱালি,কঁহুৱা আৰু চতিয়না ফুলৰ ৰেণুত এতিয়া সকলো মতলীয়া। সমস্যৰে ভাৰাকান্ত ৰাজ্যখনলৈ শৰৎতে আনিব অনাবিল আনন্দৰ জোৱাৰ।