বহ্মপুত্ৰত জাপ দি ঠাণ্ডাত কপিছে বেচেৰা চোৰ

তেজপুৰঃ হাড় কপোৱা জাৰত ব্ৰহ্মপুত্ৰত জাপ দিলে বাইক চোৰে৷ আৰক্ষীৰ পৰা হাত সাৰিবলৈ ব্ৰহ্মপুত্ৰত জাপ দিও আৰক্ষীৰ পৰা বাছিব নোৱাৰিলে এজন বাইক চোৰে৷ চুৰি কৰিবলৈ ভয় নালাগে যদিও আৰক্ষীৰ ভয়ত ব্ৰহ্মপুত্ৰত জাপ দিয়ে চোৰটোৱে৷

তেজপুৰত আৰক্ষীৰ পৰা সাৰিবলৈ এগৰাকী চোৰে জাপ দিয়ে ব্ৰহ্মপুত্ৰত৷ ঢেকিয়াজুলিৰ মজিবুৰ ৰহমান নামৰ এজন যুৱকে অৰুণাচলৰ পৰা চুৰি কৰি অনা বাইক তেজপুৰৰ চানমাৰীৰ ঔগুৰি পাহাৰত বিক্ৰী কৰিবলৈ আনে৷ যুৱকজনে বিলাসী বাইকখন লৈ ঘুৰা-ফুৰা কৰি থকাৰ সময়তে সন্দেহ ওপজাত যুৱকজনক ৰাইজে আবদ্ধ কৰে৷

পিছত ৰাইজে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী অহাৰ উমান পাই কৰি ৰাইজৰ মাজৰ পৰা দৌৰ মাৰি ব্ৰহ্মপুত্ৰত জাপ দিয়ে বাইক চোৰে৷

তথাপিও আৰক্ষীৰ পৰা হাত সাৰিব নোৱাৰিলে চোৰে৷ আৰক্ষীয়ে মজিবুৰক পানীৰ পৰা উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে৷ ঢেকিয়াজুলি ৰাসক্ষমাৰিৰ মজিবুৰ ৰহমান নামৰ এজন যুৱকে অৰুণাচলৰ পৰা প্ৰায় ডেৰলাখ টকা মুল্যৰ বিলাসী মটৰ চাইকেল খন চুৰি কৰি আনি তেজপুৰৰ চানমাৰীৰ ঔগুৰি পাহাৰত এজন যুৱকৰ তাত ২০ হাজাৰ টকাত বিক্ৰী কৰিব আহিছিল৷ আৰক্ষীয়ে খেদি যোৱাত চোৰ গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে।