চাৰিদুৱাৰ আছুৱে উৎখাট কৰিলে অবৈধ মদৰ ঘাটি

তেজপুৰঃ শোণিতপুৰৰ চাৰিদুৱাৰত পুনৰ উৎখাত কৰা হয় বহুতো অবৈধ চুলাই মদৰ ঘাটি। সমগ্ৰ ৰাজ্যজুৰি সুৰাবিৰোধী অভিযান চলি থকাৰ সময়তে শুকুৰবাৰে শোণিতপুৰৰ বালিপৰাৰ বিভিন্ন অঞ্চলত আছুৱে সুৰাবিৰোধী অভিযান অব্যাহত ৰাখিছে।

বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই আৰক্ষীৰ সহযোগত চাৰিদুৱাৰ, বালিপৰাৰ দিঘলী গাঁও লোক্ৰা গড়মৰাত সুৰা বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ চুলাই মদৰ লগতে অৰুণাচলী সুৰা নষ্ট কৰি সুৰা ৰখা ড্ৰামসমূহ জ্বলাই দিয়ে।