অসম সাহিত্য সভাৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস তেজপুৰতো পালন

তেজপুৰঃ অসম সাহিত্য সভাৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি শোনিতপুৰ জিলা সাহিত্য সভাই বৰঝাৰ তেলেৰিয়া শাখা সাহিত্য সভাৰ সহযোগত চন্দ্ৰ নাথ শৰ্মা খেলপথাৰত অনুষ্ঠিত কৰে।

এই উপলক্ষত শোনিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডিমচান্দ বৰদলৈয়ে মূল পতাকা আৰু জিলাখনৰ বিভিন্ন শাখাৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তিসকলে ১০১ খন পতাকা উত্তোলন কৰে।

শ্বহীদ তৰ্পণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বিপুল কুমাৰ নাথৰ লগতে বিশিষ্ট ব্যক্তি সকলে। "ভাষা-সাহিত্যলৈ নামি অহা জাতীয় সংকট' বিষয়ত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত শোনিতপুৰ  জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ললিত বৰুৱা, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিকমল হাজৰিকাই ভাষণ প্ৰদান কৰে।