কোকৰাঝাৰ-চিৰাঙত বজ্ৰপাতৰ আতংক, নিহত ১, আহত ৬

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুড়ী থানাৰ অন্তৰ্গত লাক্ৰিগুড়ীত শুকুবাৰে বজ্ৰপাত পৰি ৫ বছৰীয়া এটি শিশুৰ মৃত্যু হোৱাৰ লগতে এটি দুবছৰীয়া শিশু নিহত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ শিশু দুটিল লগতে দুগৰাকীকৈ মহিলাও গুৰুতৰভাবে আহত হয়৷ 

বজ্ৰপাত পৰি মৃত্যু হোৱা শিশু গৰাকীক জৌংস্ৰাং নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে৷ তদুপৰি বজ্ৰপাত পৰি আহত হোৱা দানসৌৰাং বসুমতাৰী(২), ৰোমাইনা বসুমতাৰী (১৩) আৰু পাৰ্বতী বসুমতাৰী (৪১)য়ে গুৰুতৰ ভাৱে আহত হয়।

তেওঁলোকক ততাতৈয়াকৈ কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে৷ ইপিনে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটা থানাৰ অন্তৰ্গত মধ্য শালবাৰী গাঁৱত বজ্ৰপাত পৰি গালা মুছাহাৰী (২৯), অজয় লিম্বু(২২) আৰু ৰবিৰাম ব্ৰহ্ম(২৬) গুৰুতৰ ভাৱে আহত হয়। 

তিনিওজনে একেটা স্থানত তথা মূষলধাৰ বৰষুণ দিয়াৰ বাবে ঘৰৰ বাৰান্দাত বহি থকা সময়তে বজ্ৰপাত পৰি আহত হৈছে৷ তিনিওজনকে কোকৰাঝাৰ আৰএনবি চিকিৎসালত ভৰ্তি কৰা হৈছে৷