দৰ্শকৰ অভাৱত ৰাজমুকুট থিয়েটাৰৰ প্ৰদৰ্শনী বাতিল

নগাঁওঃ ভ্ৰাম্যমান থিয়েটাৰৰ পূৰ্বৰ যশ-খ্যাতি বহুখিনি হ্ৰাস পোৱাৰ লগতে উদ্যোগটোক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে নগাঁও জিলাত এটা ভ্ৰাম্যমান নাট্যদলে দৰ্শকৰ অভাৱত নাট প্ৰদৰ্শনী বাতিল কৰিবলগীয়া হোৱাৰ দৰে ঘটনা সংঘটিত হয়৷ নগাঁৱৰ দৰে সাংস্কৃতিক ক্ষেত্ৰত চহকী ঠাইত দৰ্শকৰ সহাৰি লাভ কৰিব নোৱাৰি প্ৰদৰ্শনী বাতিল কৰিবলগীয়া হোৱাত সাংস্কৃতিক মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, জিলাখনৰ জাজৰিৰ সমীপৰ দলংঘাটৰ বেলতল খেলপথাৰত স্থানীয় এটা অনুষ্ঠানৰ আমন্ত্ৰণ ক্ৰমে যোৱা ৯ জানুৱাৰীৰ পৰা তিনি নিশাৰ নাট প্ৰদৰ্শনৰ বাবে আহিছিল আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল ৰাজমুকুট থিয়েটাৰে৷ প্ৰথম নিশা যথেষ্ট সংখ্যক দৰ্শকৰ উপস্থিতিত দলটোৱে নাট প্ৰদৰ্শন কৰে যদিও নাটকে দৰ্শকক আমোদ দিয়াৰ পৰিৱৰ্তে বিৰক্তহে কৰে বুলি চৰ্চা আৰম্ভ হয়৷

কেইবাগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী থকা নাটকে দৰ্শকক বিৰক্তি কৰা বুলি প্ৰচাৰ হোৱাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ পিছত এনেদৰে নিম্নমানৰ নাট মঞ্চস্থ কৰা বুলি চৰ্চা হোৱা বিষয়টোৰ বাবে দ্বিতীয় নিশা দৰ্শক হ্ৰাস পায় আৰু নগণ্য সংখ্যক দৰ্শকৰ সন্মুখতে সেই নিশা নাট প্ৰদৰ্শন কৰিবলগীয়া হয়৷ ফলত আহ্বায়ক সমিতি যঠেষ্ট লোকচানৰ সন্মুখীন হয় আৰু দৰ্শক নোহোৱাত চুক্তি অনুসৰি ধন দিবলৈ দলটোক আহ্বায়ক সমিতিয়ে অপাৰগতা প্ৰকাশ কৰে৷

আহ্বায়ক সমিতিৰ মতে, প্ৰথম নিশাৰ নাট দৰ্শকক আমোদ দিব নোৱাৰাৰ বাবে দ্বিতীয় নিশা দৰ্শক প্ৰেক্ষাগৃহলৈ নাহিল৷ সেয়েহে আহ্বায়ক সমিতিক কোনো সুদুত্তৰ দিব নোৱাৰি দলটোৱে তৃতীয় নিশা নাট প্ৰদৰ্শন বাতিল কৰে৷ কাজেই, দৰ্শকৰ অভাৱত নাট প্ৰদৰ্শন বাতিল হোৱা এই ঘটনাই এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে৷