
ঢেকীয়াজুলিঃ ৰাজ্যৰ বিভিন্ন ঠাইত গণৰাজ্য দিৱস পালনৰ প্ৰস্তুতি চলাই থকাৰ প্ৰাকক্ষণত ৰাজ্যত সংঘটিত হ’ব পৰা কুটাঘাতমূলক কাৰ্য ৰোধ কৰাৰ বাবে সস্তম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন৷ শান্তি শৃংখলা যাতে বিঘ্নিত নহয় আৰু ৰাইজে যাতে মুকলি মনেৰে গণৰাজ্য দিৱসৰ দিনটোত ওলাই আহিব পাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৰাজ্যৰ প্ৰশাসনে৷
কুটাঘাট সংঘটিত কৰাৰ আশংকা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰিও কৰিছে প্ৰশাসনে৷ বিভিন্ন জিলাৰ লগতে শোণিপুৰ জিলাতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ শোণিতপুৰ জিলাৰ ৬৯সংখ্যক গণৰাজ্য দিৱস উপলক্ষে বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই অভিযান চলােৱা পৰিলক্ষিত হয়৷
ঠেলামৰা তিনিআলি ব্যাৱসায় সন্থা, ঠেলামৰা চেন্টাৰ ব্যাৱসায় সন্থা আৰু ঠেলামৰা বাপুজী ভৱন যুৱক সংঘৰ সহযোগত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে৷ ঠেলামৰা বাপুজী ভৱন যুৱক সংঘৰ শোণিতপুৰ জিলাৰ নৱ নিৰ্বাচিত সভাপতি ডিমচাঁদ বৰদলৈয়ে এটি বৃক্ষ ৰোপণৰে কৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে স্বচ্ছ অভিযানৰ শুভ উদ্বোধন কৰে ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কিৰণ চন্দ্ৰ বৰা আৰু ৰূপকোঁৱৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভোলাৰাম ৰাউতীয়াই৷
দুদিনীয়া কাৰ্যসূচীৰে ঠেলামৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ প্ৰথম কাৰ্যসূচী স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰি ঠেলামৰা ৰাজহ চক্ৰ বিষয়া লক্ষ্যজ্যোতি দাসে৷