
গোৰেশ্বৰঃ সমগ্ৰ অসমত ৰাস মহোৎসৱৰ আনন্দ উল্লাসৰ সোঁত বৈ থকাৰ মাজতে বৃদ্ধি পাইছে চোৰৰ তিঘিলঘিলনি। জনসমাগম আৰু ভিৰৰ সুবিধা লৈছে চোৰ ডকাইতে। বাগসা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ কেইবাখনো ৰাসত চোকা নজৰ দিয়া গোৰেশ্বৰ আৰক্ষীয়ে যোৱা নিশা পিষ্টলসহ আটক সক্ষম হয় এজন ডকাইত। মহৰিপাৰাৰ ৰাসলৈ আহি থকা অৱস্থাতে আটক কৰে ডকাইতটো।

প্ৰাপ্ত তথ্য মতে, সেনাৰ গোৰেশ্বৰস্থিত মাহাৰ ৰেজিমেণ্টৰ সেনাজোৱান আৰু গোৰেশ্বৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৱানিশা প্ৰায় ৮ মান বজাত ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী গোৰেশ্বৰ থানাৰ অন্তৰ্গত ৰামগাওঁৰ পৰা এটা চীনত নিৰ্মিত ৭.৬৫ পিষ্টল, এটা মেগজিন, দুজাই গুলিসহ আটক কৰিবলৈ সক্ষম হয় ডকাইতটো।
ধৃত ডকাইতজন পাটাছাৰকুছিৰ বটৱাৰ হাচমত আলীৰ পুত্ৰ হজৰত আলী (২৫) বুলি চিনাক্ত হৈছে। আৰক্ষী সূত্ৰত প্ৰকাশ যে কেইবাটাও ডকাইতি কাণ্ডৰ লগতে অপৰাধ জনিত ঘটনাত জড়িত হজৰত আলী। ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত ১২৪ নং দফাত গোচৰ ৰুজু হৈছে।