
newsnextone.com | তেজপুৰঃ সাংস্কৃতিক নগৰী তেজপুৰত দিনক দিনে চুৰি, ডকাইটি আদিৰ দৰে অপকৰ্ম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ যাৰ ফলত তেজপুৰবাসী ৰাইজ প্ৰতিপল শংকিত হৈ পৰিছে৷ শেহতীয়াকৈ পুনৰ এবাৰ তেজপুৰত দিন দুপৰতে সংঘটিত চুৰি কাণ্ডই শংকিত কৰি তুলিছে ৰাইজক৷ জানিব পৰা মতে, মঙলবাৰে এজন ব্যক্তিয়ে তেজপুৰৰ SBI বেংকৰ মুখ্য শাখাৰ পৰা ধন উলিয়াই লৈ আহোতেই কোনো অচিনাক্ত দুৰ্বৃত্তই ব্যক্তিজনৰ হাতৰ পৰা নগদ ধনৰ মোনাখন কাঢ়ি পলায়ন কৰাৰ চেষ্টা কৰে৷
জানিব পৰা মতে, আছাফুৰ ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে মঙলবাৰে SBI বেংকৰ পৰা নগদ ৫০ হাজাৰ টকা উলিয়ায়৷ তেওঁ টকাখিনি এখন মোনাত ভৰাই ভাতৃক লবলৈ দি ওচৰৰ এটিএমত পাছবুক আপডেট কৰিবলৈ যাওতেই এজন যুৱকে থাপ মাৰি টকাৰ মোনাখন লৈ পলায়নৰ চেষ্টা কৰে৷ কিন্তু ওচৰতে থকা আছাফুৰে ঘটনাৰ উমান পায় চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷
এই ঘটনাৰ পিছতে বেংকত উপস্থিত লোকে ধৃত চোৰজনক লপা থপা দি শেষত তেজপুৰ আৰক্ষীক গতাই দিয়ে৷ কিন্তু তেজপুৰ চহৰৰ মাজ মজিয়াত দিন দুপৰতে চোৰৰ এনে উৎপাত দেখি বেংকৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত নিৰাপত্তা হেৰুওৱাৰ আংশকা কৰিছে ৰাইজে৷