
বোকাজানঃ শুকুৰবাৰে কাৰ্বি আংলং জিলাত আৰক্ষীৰ জালত পৰিল দুই দুধৰ্ষ গাড়ী চোৰ৷ পুৱতি নিশা বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ এটি দলৰ অভিযানত এখন ক্ৰেটা গাড়ী সহ ধৰা পৰে মণিপুৰৰ ইম্ফল জিলাৰ থাংমাই বণ্ডছ'না গাঁৱৰ প্ৰয়াত আই ধনঞ্জয় সিংৰ পুত্ৰ আইটাম্বা সিং (৪৯) আৰু মইমাং গাঁৱৰ এলিয়েন ক'মৰ পুত্ৰ বাইচন ক'ম (২০)৷
জানিব পৰা মতে, গুৱাহাটীৰ পৰা মণিপুৰ অভিমুখী এমএন-০২-বি-৭৪০১ নম্বৰৰ হুণ্ডাই কোম্পানীৰ এখন চুৰি ক্ৰেটা গাড়ী সহ দুয়োগৰাকী লোকে আছিল৷ বোকাজানৰ খটখটিত আৰক্ষীয়ে চলাই থকা নাকা তালাচী তেওলোকক গাড়ী ৰখাবলৈ দি সোধ-পোছ কৰে আৰক্ষীয়ে৷ সোধ-পোছত তেওলোকে গাড়ী খন চুৰি কৰি অনা বুলি স্বীকাৰ কৰে৷ খটখটি আৰক্ষীয়ে নাকা তালাচী চলাই থকাৰ সময়ত গাড়ীখনৰ নম্বৰ প্লেট ভুৱা বুলি অৱগত হোৱাত জেৰা কৰাত সকলো ওলাই পৰে৷
গাড়ীখন সূক্ষ্মভাবে নিৰীক্ষণ কৰে আৰু গাড়ীখনৰ নম্বৰৰ লগতে ইঞ্জিন নম্বৰও সম্পূৰ্ণৰূপে উঠাই পেলোৱা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে গাড়ীখন চুৰি কৰি অনা বুলি জানিব পাৰি তৎক্ষণাৎ উক্ত গাড়ীখন জব্দ কৰে আৰু দুয়োটা চোৰক আটক কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৬৮ ধাৰাত ১২৭/২০১৭ নম্বৰত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই জানিবলৈ দিয়ে৷