জালুকবাৰী আৰক্ষীৰ জালত কৰায়ত্ব তিনি দুধৰ্ষ চোৰ

মালিগাঁওঃ জালুকবাৰী আৰক্ষীৰ জালত বন্দী হ’ল তিনিটাকৈ দুৰ্ধৰ্ষ চোৰ। নিশা কোনো নথকাৰ সুযোগ লৈ সুন্দৰবড়ীৰ দীজেন দত্ত নামৰ ব্যক্তি এজনৰ ঘৰত সোমাইছিল চোৰকেইটা। কিন্তু চোৰ কৰাত ব্যৰ্থ হয় চোৰকেইটা।

কেৱল ইমানেই নহয়, ইয়াৰ পিছতেই আলাউদ্দিন নামৰ চোৰটোৱে সংস্কৃত কলেজৰ সমীপত ডকাইটি কৰাৰ উদ্দেশ্যে গৈছিল। কিন্তু তাতো বিফল বেচেৰা আলাউদ্দিন। পাছত ৰাইজে হাতে-লোতে ধৰি উত্তম মধ্যম শোধাই গটাই দিয়ে জালুকবাৰী আৰক্ষীক। ইফালে আলাউদ্দিৰ স্বীকাৰোক্তিৰ ভিত্তিত কামাখ্যা ষ্টেচনৰ পৰা আৰক্ষীয়ে আটক কৰে হজৰত আলী আৰু ৰাজু বাছফাৰক।

পাঁচজনীয়া এই চোৰৰ দলটোৱে দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে জালুকবাৰী অঞ্চলত। বৰ্তমান দলটোৰ তিনিজন ৰঙাঘৰৰ আলহী। বাকী দুজনক বিচাৰি জালুকবাৰী আৰক্ষীৰ অভিযান চলাই আছে। মোবাইল চুৰি, গাড়ী চুৰিকাৰ্যৰ লগতো জড়িত এই তিনি দুধৰ্ষ চোৰ৷