নলবাৰী আৰক্ষীৰ জালত দুধৰ্ষ চোৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নলবাৰীঃ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ নৱ-নিৰ্মিত প্ৰসুতি আৰু শিশু স্বাস্থ্য কোষৰ ৯৫ খন ফেন চুৰি কৰা চোৰৰ দল অৱশেষত আৰক্ষীৰ জালত পৰিল। নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ নৱ-নিৰ্মিত প্ৰসুতি আৰু শিশু স্বাস্থ্য কোষৰ ফেন চুৰি চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ নলবাৰী আৰক্ষীয়ে অভিযান চলাই অৱশেষত সফল হয়।

বুধবাৰে নলবাৰী আৰক্ষীৰ জালত পৰে দুধৰ্ষ চোৰৰ দলটো। দীৰ্ঘদিন ধৰি নলবাৰীৰ বিভিন্ন স্থানত ত্ৰাসৰ সৃষ্টি কৰি অহা দুধৰ্ষ চোৰৰ দলটোক আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত গেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ নতুনকৈ নিৰ্মান কৰি উলিওৱা প্ৰসুতি আৰু শিশু স্বাস্থ্য কোষৰ ৯৫ খন ফেন চুৰি হোৱা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই বুধবাৰে ফেন চুৰি চক্ৰৰ প্ৰধান নায়ক নৱ দাসক আটক কৰে।

আনহাতে ধৃত ফেন চোৰ নৱৰ স্বীকাৰোক্তিৰ ভিত্তিত চুৰি ফেন ক্ৰয় কৰা চহৰৰ মোল্লাপাৰাৰ মাজনি বেগম আৰু চাত্তাৰ আলীকো আটক কৰে আৰক্ষীয়ে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত নিৰ্মিত প্ৰসুতি আৰু শিশু স্বাস্থ্য কোষটো বৰ্তমানো উদ্ধোধন হোৱা নাই আৰু ইয়াৰে সুযোগ লৈয়েই চোৰৰ দলটোৱে চলাই গৈছিল এনে লুটপাতৰ দৰে কাণ্ড।