ৰঙিয়াৰ বাবে বিগ নিউজ, ক’লা পৰিল জালত

ৰঙিয়াঃ ক’লা মানে সন্ত্ৰাস৷ কলা নামটোৱে আতংক৷ কিয়নো কলাৰ পৰা কোনেও সাৰিব পৰা নাই৷ ব্যৱসায়ীৰ পৰা গৃহিনীলৈ সকলোকে লুটিছে ক’লাই৷ ’লাই পাৰ্গত ডকাইতিত৷ টকা লুটি ক’লা বতাহৰ সৈতে মিলি যায়৷ আৰক্ষী কলাক বিচাৰি মাৰাথান অভিযান চলাই আহিছিল৷

অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰিল চফিকুল হক ওৰফে ক'লাক৷ দিন দুপৰতে ৰঙিয়া চহৰৰ পৰা এগৰাকী ব্যৱসায়ীক লুটি নি পলাই আছিল চফিকুল হক ওৰফে ক'লা৷ একপ্ৰকাৰ ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল দুৰ্ধৰ্ষ ডকাইত চফিকুল হক ওৰফে ক'লা৷

আৰক্ষীয়ে বুুুধবাৰে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ৰঙিয়াৰ জয়ন্তীপুৰস্থিত নিজ গৃহৰ পৰা জালত পেলাই কলাক। ডকাইত চফিকুলে যোৱা ৩০ মে'ত ৰঙিয়া নগৰৰ মাজ মজিয়াত দিন দুপৰতে এগৰাকী ব্যৱসায়ীৰ পৰা ১ লাখ ১০ হাজাৰ টকা লুট কৰি নিছিল। ইয়াৰোপৰি ১৫ জুলাইত বাছ আস্থানৰ এগৰাকী ব্যৱসায়ী মহিলাৰ পৰা ৩৫ হাজাৰ টকা কাঢ়ি নিছিল।

আনহাতে যোৱা ১৮ ছেপ্টেম্বৰত মুৰাৰাৰ এগৰাকী  শিক্ষয়িত্ৰীৰ ঘৰৰ পৰা কেবা লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰ লুট কৰি নিছিল। ইফালে জালুকবাৰীত কিছুদিন পূৰ্বে ধন লুট কৰা ঘটনাৰ সৈতে জড়িত আছিল দুৰ্ধৰ্ষ ডকাইত ক'লা। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি পলাই থকা এই অপৰাধীজনক অৱশেষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাত স্বস্তিৰ নিশ্বাস পেলাই ৰাই আৰু আৰক্ষী।