যদি আপুনি গাড়ী চালক তেন্তে ৰাজু আৰু পাপ্পুৰ পৰা সাৱধান

নলবাৰীঃ ৰাজ্যত আজিও সক্ৰিয় হৈ আছে আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ৷ ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিদিনে গাড়ী চুৰি অহাৰ সময়তে মঙলবাৰে সন্ধিয়া আশিষ দেৱনাথ নামৰ এজন গাড়ী চোৰ আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰ হোৱা আশিষ দেৱনাথ নামৰ যুৱক জনে নামনি অসমত ৰাজু আৰু পাপ্পু নামৰ দুজন লোকে গাড়ী চুৰিৰ অন্যতম লোক বুলি কয়৷

তেওলোকে গাড়ী ভাড়া কৰি নিয়ে বিভিন্ন ঠাইলৈ। প্ৰথমে ৰাজু আৰু পাপ্পুৱে গুৱাহাটী মহানগৰীত ঘুৰা-ফুৰা কৰে তাৰ পিছত মহানগৰীৰ পৰা বাহিৰলৈ নি নিৰ্জন ঠাইত চালকক হত্যা কৰি গাড়ী লৈ উধাও হয়৷ তাৰ পিছত ধনৰ বিনিময়ত ৰাজু আৰু পাপ্পুৱে গাড়ী গতাই দিয়ে হাকোটা আৰু আশিষ দেৱনাথক। আশিষ দেৱনাথ ডিমাপুৰত গাড়ী চমজি দিয়াৰ বাবদ প্ৰতি খনৰে নামত লাভ কৰে দহ হাজাৰকৈ টকা।

এই বিস্ফোৰক স্বীকাৰোক্তি গাড়ী চোৰ আশিষৰ। উল্লেখ্য যে বিগত সাত মাহ পূৰ্বে নলবাৰীৰ গায়ত্ৰী হোটেলত বাহৰ পাতি ৰাজু আৰু পাপ্পুই ভাড়া কৰি নিছিল এএছ-০১-বিপি-২৫১৬ নম্বৰৰ স্কৰপিঅ গাড়ী এখন। নলবাৰী চহৰৰ গায়ত্ৰী আৰু প্ৰেমোদা হোটেলত তিনি নিশা কটাই ২২ মাৰ্চত চালক বসন্ত হালৈৰ স্কৰপিঅ গাড়ী খন ভাড়া কৰি নিয়ে গুৱাহাটীলৈ।

তেতিয়াৰ পৰা বসন্ত সন্ধানহীন হৈ থকাৰ লগতে সিদিনা নিশাই চালক বসন্ত হালৈক হত্যা কৰি গুৱাহাটীৰে ক্ষেত্ৰীৰ ধাননি পথাৰৰ দাঁতিত পেলাই থৈ গাড়ী চোৰৰ দলটোৱে। ইফালে বসন্ত হালৈক হত্যা কৰি ৰাজু আৰু পাপ্পুই স্কৰপিঅ খন চমজাই দিছিল গাড়ী চোৰ আশিষ দেৱনাথক। অৱশেষত বিগত সাত মাহ ধৰি নলবাৰী আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ পিছতে সোমবাৰে পুনৰ ছুইফট ডিজায়াৰ এখন চুৰি কৰি ডিমাপুৰলৈ নি থকা সময়তে তেজপুৰ আৰক্ষীৰ জালত পৰে কুখ্যাত আশিষ দেৱনাথ। নলবাৰী আৰক্ষীৰ মাৰাথান জেৰাত এই কথা প্ৰকাশ কৰে আশিষে।