চোৰে নিলে ঐতিহ্যমণ্ডিত বিষ্ণুপুৰ সত্ৰৰ সোণ-ৰূপ

অভয়াপুৰীঃ শনিবাৰে বঙাইগাঁৱৰ অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত বিষ্ণুপুৰ সত্ৰৰ বিভিন্ন সামগ্ৰী চোৰে লুটি নিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিষ্ণুপুৰ সত্ৰ আৰু সত্ৰৰ সমীপৰ এঘৰ লোকক লুটি নিয়ে বুলি জানিব পৰা গৈছে৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৰ যোগীঘোপা থানাৰ অন্তৰ্গত বিষ্ণুপুৰ সত্ৰত নিশাৰ ভাগ চোৰে প্ৰবেশ কৰি ভক্তই দান দিয়া প্ৰায় তিনি লাখ টকাৰ সোনৰ আ-অলংকাৰ লৈ যোৱা লগতে সত্ৰৰ সামগ্ৰী সমূহ লণ্ড-ভণ্ড কৰে।

চোৰে নিশা সত্ৰৰ মুল প্ৰৱেশ দ্বাৰৰ তলা ভাঙি মূল সত্ৰৰ মনিকূট গৃহৰ পৰা সামগ্ৰী সমূহ লৈ উধাও হয়৷ পুৱা গোপাল ৰায় নামৰ ভকত এগৰাকীয়ে নিয়মীয়া নাম-প্ৰসংগ কৰিবলৈ আহি সত্ৰৰ মনিকূট গৃহৰ তলা ভঙাৰ লগতে ষ্টিল আলমাৰীৰ তলা ভঙা আৰু গৃহটোৰ সামগ্ৰী লণ্ড-ভণ্ড হৈ তকতা প্ৰত্যক্ষ কৰে৷ স্থানীয় ৰাইজক খবৰ দিয়াত যোগীঘোপা আৰক্ষীক অৱগত কৰে।

আৰক্ষী বিষয়া ৰতন ভূঞা সত্ৰত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰ যদিও এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই৷ একে নিশাই সত্ৰৰ সমীপৰ অমূল্য দাসৰ ঘৰৰ শিৱ মন্দিৰ চুৰি কাণ্ড সংঘটিত হয়। দাসৰ পৰিয়ালৰ সদস্যই সন্দেহ কৰা মতে চোৰে নিশা পিছপিনৰ দেৱালেৰে পাৰ হৈ মন্দিৰৰ তলা ভাঙি প্ৰৱেশ কৰি ভক্তই শিৱ মন্দিৰত দান কৰা সোন আৰু ৰূপৰ প্ৰায় দহ লাখ টকাৰ মূল্যৰ আ-অলংকাৰ চোৰ লৈ যায়।