
মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত এখন শিক্ষানুষ্ঠানত চুৰি কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
জানিব পৰা মতে, সোমবাৰে নিশা চৌধুৰী বজাৰ জুনিয়ৰ কলেজত চুৰি কাণ্ড সংঘটিত হয়। কলেজ খনৰ বিভিন্ন সামগ্ৰী লৈ উধাও হয় চোৰৰ দলে।
আনহাতে কিছু নথি পত্ৰ নষ্ট কৰে। ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।