
বুঢ়মপুৰঃ তেওঁলোকে নিশা গাড়ী লৈ ঘুৰে৷ গাড়ীত তেল ভৰাই নিশা ঘুৰি ভাড়া বিছাৰি ধন ঘটাৰ চেষ্টা নকৰে৷ কিন্তু তেওলোকে নিশাৰ ভিতৰতে গাড়ীৰে উপাৰ্জন কৰে হাজাৰ হাজাৰ টকা৷ তেওলোকে গাড়ীৰে ভাড়া নামাৰি কেনেকৈ ধন ঘটে৷ হয়, তেওলোকে নিশা গাড়ীৰে গৰু চোৰ কৰে৷
গাড়ী লৈ বিভিন্ন ঠাইৰ পৰা গৰু চোৰ কৰি নিশাই শ্বিলংত বিক্ৰি কৰি মোটা অংকৰ ধন ঘটে৷ যাৰ বাবে তেওলোকৰ গাড়ীত মানুহ নহয় গৰু উঠে৷ অসমৰ গৰু মেঘালয়ত বিক্ৰি কৰি ধন ঘটা চক্ৰটোৰ এজন সদস্য মঙলবাৰে আৰক্ষীৰ জালত পৰে৷
মঙলবাৰে দিন বেয়া আছিল জালাল উদ্দনি নামৰ চোৰটোৰ৷ নগাঁও জিলাৰ চামগুৰি আৰক্ষীৰ জালত পৰিছে গৰু জালাল উদ্দিন। চামগুৰি আৰক্ষীয়ে অভিযান চলাই চামগুৰিৰ বৰমা ভগামূৰৰ পৰা আটক কৰে গভাইত চোৰটোক। চোৰটোৰ সৈতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এখন ব’লেৰ পিকআপ ভান।
নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন স্থানত সংঘটিত হৈ অহা গৰু চুৰি ঘটনাৰ সৈতে জড়িত জালাল উদ্দিন হতৰ গেং। গৰু চুৰিৰ সৈতে চক্ৰটোৰ আন সদস্যসকলক পলাতক যদিও আৰক্ষীয়ে আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। গৰুচুৰি কৰি দীৰ্ঘদিন ধৰি বিক্ৰি কৰিছিল শ্বিলঙত।