নৰোৱা বালিসত্ৰত পুনৰ সংঘটিত চুৰিকাৰ্য, লণ্ড-ভণ্ড কৰিলে গুৰু আসন

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত সময়ছোৱাত সত্ৰ, মন্দিৰ, নামঘৰ আদি ধৰ্মীয় অনুষ্ঠানত সঘনে চুৰিকাৰ্য সংঘটিত হৈ অহাৰ সময়তে বুধবাৰে নিশা অনুৰূপ ঘটনা সংঘটিত হয় নগাঁও জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা বালিসত্ৰত ৷ চোৰে নিশাৰ অন্ধাৰৰ সুযোগ লৈ সত্ৰৰ মূল কীৰ্ত্তন ঘৰৰ খিৰিকীৰ গ্ৰীল ভাঙি ভিতৰত প্ৰবেশ কৰি গুৰু আসনৰ কাপোৰ ফালি-চিৰি লণ্ড-ভণ্ড কৰাৰ লগতে আলমিৰাৰ তলা ভাঙি বহুকেইপদ প্ৰাচীন আপুৰুগীয়া সম্পদ লুট কৰি নিয়ে ৷

চুৰি হোৱা পুৰণিকলীয়া সম্পদখিনিৰ মূল্য আনুমানিক পঞ্চাছ হাজাৰ টকা হ’ব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ৷পিছত স্থানীয় ডুমডুমীয়া আৰক্ষী চকীত চুৰিকাৰ্যৰ বিষয়ে খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে তদন্তত নামি পৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই ৷মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বৰদোৱাৰ উত্তৰ দিশত অৱস্থিত এই ঐতিহাসিক সত্ৰখনত পূৰ্বেও চুৰিকাৰ্য সংঘটিত হৈছিল ৷গতিকে ৰাইজে উচিৎ তদন্তৰে দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি ধৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে আৰক্ষী আৰু জিলা প্ৰশাসনৰ ওচৰত৷