কোনে নিলে সুভাষৰ মৰমৰ Honda Splendor

গোলকগঞ্জঃ Hero Honda Splendor খন মৰমৰ আছিল৷ প্ৰতিদিনে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই নিয়াৰ সময়ত আৰু ঘৰ আহি পোৱাৰ পিছত এবাৰ চাফ কৰি ঘৰৰ ভিতৰত সোমাই থয় বাইকখন৷

দেওবাৰেও তেনেদৰে বাইকখন ঘৰৰ ভিতৰত সোমাই থয় সুভাষে৷ কিন্তু সুভাষ দাসৰ মৰমৰ বাইকখন দেওবাৰে ঘৰৰ ভিতৰৰ পৰাই চুৰি হয়৷

ধুবুৰী জিলাৰ গোলকগঞ্জৰ বালাবাৰিত ঘৰৰ পৰা চুৰি হয় সুভাষ দাসৰ মৰমৰ বাইকখন৷ জানিব পৰা মতে, গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বালাবাৰি তৃতীয় খণ্ড গাঁৱৰ সুভাষ দাস নামৰ লোকজনৰ ঘৰৰ ভিতৰৰ পৰা AS-17-G-4227 নম্বৰৰ Hero Honda Splendor বাইকখন পুৱতি নিশা চুৰি হয়। মৰমৰ বাইকখন চুৰি হোৱাত দুখত ভাগি পৰে সুভাষে৷