গুণোৎসৱৰ তৃতীয় দিন, আজি লিখন পৰীক্ষা

গৌৰীসাগৰঃ উজনি-নামনিৰ শিক্ষক-ছাত্ৰৰ বাবে এতিয়া গুণোৎসৱৰ বতৰ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত গুণোৎসৱৰ বাবে৷ বিগত এমাহত ৰাজ্যত বিভিন্ন প্ৰান্তত শিক্ষকে আত্মহত্যা বা হৃদক্ৰীয়া বন্ধ হৈ শিক্ষকে অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে ৰাজ্যৰ শিক্ষানুষ্ঠানত ১০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি তৃতীয় দিন৷

গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে শিক্ষা খণ্ড সমূহত প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷ গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি।

ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক উন্নয়ন সাধন কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে গুণোৎসৱ৷ মঙলবাৰৰ পৰা শিৱসাগৰ জিলাৰ মুঠ ছটা শিক্ষা খণ্ডতে আৰম্ভ হ'ল দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷
আজিৰ গুণোৎসৱত লিখনৰ ওপৰত মান নিৰূপন কৰিব পৰিদৰ্শকে৷ আজি চাৰিটা বিষয়ৰ ওপৰত ছাত্র-ছাত্রীসকলৰ মাজত অনুষ্ঠিত হৈছে পৰীক্ষা৷

মাতৃভাষা অৰ্থাৎ অসমীয়া, ইংৰাজী, গণিত আৰু পৰিবেশৰ অধ্যয়ণৰ ওপৰত আজি গুণোৎসৱৰ লিখন পৰীক্ষা অনুষ্ঠিত কৰা হৈছে৷ বিদ্যালয় পৰিচালনা সমিতিয়ে জনোৱা মতে আজিৰ এই লিখনৰ মূল্যায়নত ছাত্র-ছাত্রী সকলে আশাপ্রদ ফল লাভ কৰিব৷ আজি উজনী ভৰলুৱা প্রাথমিক বিদ্যালয়ত মূল্যায়ক হিচাপে উপস্থিত থাকে PWD কাৰ্য্যবাহী অভিযন্তা ভূপেন গগৈ৷