
তিনিচুকীয়াঃ আলফাক স্বাধীনে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত আক্ৰমণ অব্যাহত ৰখাৰ সয়যতে আলফাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ মৰাণ ছাত্ৰ সন্থা৷ মৰাণ ছাত্ৰ সন্থাই আলফাৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে হঠকাৰী কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আলফা(স্বা)ক আহ্বান জনায় সংগঠনটোৱে। নিৰীহ লোকৰ তেজেৰে কোনো বিপ্লৱী সংগঠনে বিপ্লৱী সত্তা জীয়াই ৰাখিব নোৱাৰে বুলি কয় মৰাণ ছাত্ৰ সন্থা সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰুণজ্যোতি মৰাণ আৰু হেম বৰুৱাই।
১১ ডিচেম্বৰত আলফা(স্বা)ৰ দ্বাৰা সংঘটিত ডিৰাক সোণজান শিমলুগুৰিৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ আলফাই(স্বা) তিনিচুকীয়া জিলাৰ জাগুনৰ সমাজকৰ্মী তথা ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক অপহৰণ কৰা কাৰ্যত সদৌ মৰাণ ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যাতে স্বভূমিতে চৰম নিৰাপত্তাহীনতাত ভূগিবলগীয়া নহয় তাৰ বাবে দৃষ্টি ৰখাৰ লগতে অপহৃত নিৰীহ যুৱক অৰুণাভ ফুকনক শীঘ্ৰে বিনা চৰ্তে সু-শৰীৰে মুকলি কৰি দিবলৈ সন্থাই আহ্বান জনায়।
ইফালে বুঢ়ীদিহিং-বৰডুমচাত অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনখন ৩১জানুৱাৰী, ১,২,৩ আৰু ৪ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। অধিৱেশনখনৰ আলম লৈ অসম-অৰুণাচলৰ সীমান্তৱৰ্ত্তী অতি পিছপৰা তথা সকলো ফালৰ পৰাই অৱহেলিত বৃহৎ অঞ্চলটোৰ ৰাইজে উন্নয়ণৰ সপোন ৰচাৰ লগতে সমন্বয়ৰ সেতু গঢ়াৰ প্ৰচেষ্টাক সফল ৰূপ দিয়াত যাতে কোনোধৰনৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট সকলো পক্ষকে হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি তথা অসম সাহিত্য সভাৰ বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ আদৰণি সমিতিৰ অন্যতম সাধাৰণ সম্পাদক অৰুণজ্যোতি মৰাণে আহ্বান জনায়।