
চৰাইদেউঃ ৰাজ্য খনত অলেখ জাতীয়-জনগোষ্ঠীয় সংগঠন আছে৷ একাংশ সংগঠনে ৰাজ্য খনৰ সংকটৰ মুহূৰ্তত হেং-দাং লৈ ওলাই আহে৷ ৰাজ পথ উত্তাল কৰি চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়াৰ চেষ্টা চলাই৷ জাতীটোৰ হকে কাম কৰি একাংশ লোকে জীৱন ধ্বংস কৰিছে৷
বহু লোকে জীৱন বিসৰ্জন দিছে৷ কিছু লোকে কেৱল চান্দা সংগ্ৰহৰ বাবে জড়িত হয় সংগঠনৰ সৈতে৷ এই অভিযোগ উত্থাপন হৈ থকাৰ সময়তে সোণাৰিত ছেইণ্ট যোছেফ হাই স্কুলত চান্দা সংগ্ৰহ কৰিবলৈ গৈ বুধবাৰে তিনি যুৱক গ্ৰেপ্তাৰ হ’বলগীয়া হ’য়৷
তিনি যুৱকে শিক্ষানুষ্ঠান খনৰ এজন শিক্ষকক প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হয়৷ এটি সংগঠনৰ সৈতে জড়িত বুলি প্ৰকাশ কৰে অৰূপ বৰুৱা, অৰ্পণ গগৈ আৰু সীমান্ত বৰুৱা নামৰ তিনি যুৱকে৷ বিদ্যালয়ৰ ভিতৰতে শিক্ষকগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শিক্ষকগৰাকীয়ে সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে তেওলোকক গ্ৰেপ্তাৰ কৰে৷