
newsnextone.com | নগাঁওঃ এনআৰচিৰ সেৱা কেন্দ্ৰৰ পৰা তথ্য সৰবৰাহ কৰাৰ অভিযোগত খোদ এনআৰচিৰ সেৱা কেন্দ্ৰৰ কৰ্মচাৰী আৰক্ষীৰ জালত পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও-মৰিগাঁও জিলাত৷ মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডস্থিত এনআৰচিৰ সেৱা কেন্দ্ৰত তথ্য সৰবৰাহ কৰাৰ অভিযোগত সেৱা কেন্দ্ৰৰ কম্পিউটাৰ অপাৰেটৰ আমিনুল ইছলামক আন দুজন সহযোগী তাজনুৰ আলী আৰু খাইৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷
জানিব পাৰ মতে, মৰিগাওঁ জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ এনআৰচি সেৱা কেন্দ্রত দীৰ্ঘ দিনৰ পৰাই তথ্য সৰবৰাহ হৈ আহিছিল৷ বুধবাৰেও তেনে কাণ্ড সংঘটিত কৰিছিল আমিনুলে৷ দীৰ্ঘ দিনেই কম্পিউটাৰৰ পৰা পেন ড্ৰাইভ যোগে তথ্য সৰবৰাহ কৰাৰ লগতে আমিনুলে বিভিন্ন সামগ্ৰীৰ এনআৰচিৰ তথ্য চুৰি কৰে৷
বিভিন্ন সামগ্ৰীৰ লগতে এনআৰচিৰ তথ্য চুৰি কৰি খাইৰুল ইছলাম নামৰ যুৱক জনৰ দোকানত তথ্য সমূহ মজুত কৰি সাধাৰণ লোকক সেই তথ্য সমূহ প্ৰিণ্ট কৰি বিক্ৰী কৰে৷ একাংশ লোক শংকাত দিন পাৰ কৰাৰ সুবিধা লৈ কাৰ কাৰ নাম সন্নিবিষ্ট হৈছে, পৰিয়ালৰ কাৰ নাম আছে এনে ধৰণৰ দাতা সমূহ প্ৰিণ্ট কৰি বুক্ৰী কৰি আমিনুল, খাইৰুল আৰু তাজনুৰ আলীয়ে ধন ঘটিছিল৷
নথি পত্ৰ ছপা কৰি বিক্ৰী কৰাৰ লগতে এনআৰচিৰ কাৰ্যালয়ৰ সামগ্ৰী চুৰি হোৱাত আমিনুলৰ ওপৰত সন্দহ ওপজাত আৰক্ষীয়ে অভিযান চলাই সামগ্ৰী সহ আমিনুল, খাইৰুল আৰু তাজনুৰক আটক কৰিবলৈ সক্ষম হয়৷
আমিনুল ইছলামে বহু দিন ধৰি এন আৰ চিৰ তথ্য লেপটপৰ পৰা পেন ড্ৰাইভৰ জৰিয়তে তাজনুৰ আলীক তথ্য যোগান ধৰি আহিছিল। তাজনুৰে, খাইৰুল ইছলাম নামৰ যুৱক জনৰ দোকানত নথি পত্ৰ ছপা কৰি বিক্ৰী কৰি আহিছিল। বুধবাৰে মিকিৰভেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তিনিও জনকে বৃহস্পতিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে৷