ৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টি-বজ্ৰপাত, নিহত ৩, আহত ২০ঃ ১৩ মে’ পৰ্যন্ত প্ৰবল বৰষুণ-ধুমুহাৰ আশংকা

newsnextone.com | কোকৰাঝাৰঃ বুধবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধুমুহা শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰে সমগ্ৰ ৰাজ্যজুৰি৷ তীব্ৰ গতিত অহা বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাত পৰাৰ ফলত কোকৰাঝাৰত এজন হাওৰাঘাটত দুজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে৷ কেইবাখনো জিলাত হঠাৎ অহা তীব্ৰ গতিত অহা বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাত পৰাৰ ফলত বহু পৰিয়ালৰ গৃহ ভাঙি পৰাৰ লগতে গছ-গছনি আৰু বিদ্যুৎৰ খুঁটা উভালি পৰৰা পৰাৰ ফলত বিদ্যুৎ সেৱা ব্যাহত পৰে৷ 

আনহাতে মহানগৰীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ বিভিন্ন স্থানত শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ বুধবাৰৰ পৰা ১৩ মে’ পৰ্যন্ত প্ৰবল বৰষুণ, ধুমুহা অহাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে৷ গুৱাহাটী মহানগৰীৰ সমীপৰ অঞ্চলত শিলাবৃষ্টিৰো সম্ভাৱনাৰ আশংকা ব্যক্ত কৰে৷

প্ৰচণ্ড ধুমুহা বৰষুণৰ সমান্তৰালভাৱে বিজুলি-ঢেৰেকণিয়ে কোকৰাঝাৰ, হোজাই, গোলাঘাট, নাজিৰা, গোলাঘাট, নুমলীগড় আদি ঠাইত তাণ্ডৱ চলায়। বজ্ৰপাতৰ ফলত কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ দুই নং মেষ্টাবাৰীত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত শিশু মহিলাৰ সৈতে প্ৰায় ১৫গৰাকী লোক আহত হয়। বজ্ৰপাতৰ ফলত দুই নং মেষ্টাবাৰী গাঁৱৰ সৌমদৌন ব্ৰহ্ম (২৪) নামৰ যুৱকগৰাকী নিহত হয়। আনহাতে হাওৰাঘাটত প্ৰবল ধুমুহা মোহন বৰা আৰু সৰব্ৰতী হৰিজন নামৰ দুগৰাকী দৰিদ্ৰ লোকৰ মৃত্যু হয়৷

কোকৰাঝাৰৰ যুৱকগৰাকীয়ে নিজ ঘৰত শুই থাকোতেই বজ্ৰপাতৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় বুলি পৰিয়াল সূত্ৰেই প্ৰকাশ কৰিছে। বজ্ৰপাতৰ ফলত আহত হোৱা লোকসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত বজ্ৰপাতৰ ফলত শিশু মহিলা সহিতে কমেও ৮ গৰাকী আহতক ভৰ্তি কৰোৱা হৈছে আৰু একাংশৰ অৱস্থা গুৰুতৰ।

পুৱা প্ৰবল-ধুমুহা-বৰষুণৰ সমান্তৰালভাৱে বিজুলি-ঢেৰেকণিয়ে কোকৰাঝাৰ জিলাত তাণ্ডব চলোৱাৰ ফলত গোসাঁইগাঁও মেলাজনী গাঁৱৰ সঞ্জীৱ মুছাহাৰীৰ দুই কণমাণি সন্তান অজৱতি মুছাহাৰী(৩) আৰু উজিখাং মুছাহাৰী(৩), কচুগাঁও বাসবাৰী গাঁৱৰ সবাই বসুমতাৰী(৪০), মিথিংগা নাৰ্জাৰী(২০), মহোনপুৰ গাঁৱৰ গাব্ৰু নাৰ্জাৰীৰ কন্যা অঞ্জীমা নাৰ্জাৰী(২৫), পাটগাঁও টাচোবাৰী গাঁৱৰ লক্ষীৰাম নাৰ্জাৰীৰ কন্যা প্ৰীতি দৈমাৰী(১২), ঝাৰবাৰী ৰণ নগৰ গাঁৱৰ ৰগেন্দ্ৰ মুছাহাৰীৰ পুত্ৰ জুবোলেন মুছাহাৰী(১৭), চৰাইবিল দলোগাঁওৰ ফিলিমন তিৰ্কী(৭০), পাটগাঁও চেলেকাগুৰী গাঁৱৰ ফুলমতি নাৰ্জাৰী(৩৮) আৰু চুজুলা বসুমতাৰী(১১) আহত হৈছে। 

ইপিনে ধুমুহা বৰষুণ বজ্ৰপাতে তাণ্ডৱৰ সৃষ্টি কৰাত জিলাখনৰ বিভিন্ন স্থানত কেবাটাও পশুধনৰ মৃত্যু হোৱাৰ লগতে গছ-গছনি উভালি পৰাৰ উপৰিও ঘৰৰ টিনপাত পৰ্যন্ত উৰুৱাই লৈ যায়। সম্প্ৰতি জিলাখনৰ কেতবোৰ অঞ্চলত বিদ্যুত সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।

হোজাই জিলাত দিনটোত কেইবাবাৰো ধুমুহা বৰষুণে তাণ্ডৱ চলাই৷ হোজাই টাউনৰ সমীপৰ ৰায়কটা, ইছলামপুৰত ধুমুহাই বিস্তৰ ক্ষতি কৰে৷ গছ উভালি পৰাৰ লগতে বিদ্যুতৰ খুটা উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে৷ ডবকাৰ বিদ্যালয় আল আমিনত গছ উভালি পৰাত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়৷ 

নাজিৰা, গোলাঘাট, নুমলীগড়তো বিস্তৰ ক্ষতি সাধন কৰে ধুমুহা, শিলাবৃষ্টিয়ে৷ বগীধলা, মূৰফুলনিত প্ৰবল ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি কৰে। ধুমুহাত বহু পৰিয়ালৰ বাসগৃহ টিনপাত উৰুৱাই নিয়াৰ লগতে ৰাজপথত গছ উভালি পৰে। নাজিৰা, গোলাঘাটৰ বেজবৰুৱা পথত বিস্তৰ ক্ষতি সাধন কৰে৷ শান্তিপুৰ, নপুৰ, ৰঙাজানত গছ উভালি পৰাৰ লগতে বহু পৰিয়ালৰ ঘৰৰ টিন উৰুৱাই