
newsnextone.com | কোকৰাঝাৰঃ প্ৰবল ঘূৰ্ণী বতাহ আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা, বালাজান তিনালী, বেণিবাৰী, লালটাৰী, চৌটাকিকে ধৰি এক বৃহত্তৰ অঞ্চল। বৃহস্পতিবাৰৰ নিশা ৯:০০ মান বজাত অহা এজাক প্ৰবল ঘূৰ্ণী বতাহে ভূটীয়াপাৰা গাঁৱৰ লগতে আন বহু গাঁৱত তাণ্ডব চলাই ব্যাপক ক্ষতিসাধন কৰে।
প্ৰচণ্ড ধুমুহা আৰু ঘূৰ্ণী বতাহৰ ফলত বৃহৎ বৃহৎ গছ গছনি উভালি পৰাত ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়কে ধৰি প্ৰায় শ-শ পৰিয়ালৰ গৃহৰ ক্ষতি সাধন কৰে৷ ভূটীয়াপাৰা গাঁৱৰ প্ৰতাপ নাথ আৰু শুশুমা নাথৰ ঘৰত গছ বাগৰি পৰাত পকীঘৰ চুৰ্ণাকৃত হয় যদিও সৌভাগ্যক্ৰমে দুয়োজনে ঘৰৰ বাহিৰত থকাত দৈব্যক্ৰমে ৰক্ষা পৰে। আনহাতে ২ নং চৌটাকীত মাজো মিঞা(৭০)নামৰ এগৰাকী ব্যাক্তি ধুমহাৰ ফলত আহত হয়।
ঘূৰ্ণী বতাহৰ প্ৰকোপ ইমানেই বেছি আছিল যে নাৰিকল গছ পৰ্যন্ত চিঙি দুৰলৈ উৰুৱাই নিয়ে। ঘূৰ্ণী বতাহে গছ গছনি ভাঙি চিঙি একপ্ৰকাৰ ধ্বংসস্তুৱত পৰিণত কৰা উপৰোক্ত গাঁও সমূহত নিশা এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও সৌভাগ্যক্ৰমে কাৰো প্ৰাণ হোৱা নাই। চৌদিশে বৃহৎ বৃহৎ গছ বাগৰি পৰাত বৈদ্যুতিক খূটাসমুহ ভাঙি পৰে আৰু যাৰ পৰিণতিতে পথ যোগাযোগ ব্যৱস্থা আৰু বিদ্যুত সৰবৰাহ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।
অঞ্চলটোৰ বালাজান চিকিৎসালয়, ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়, বালাজান আৰক্ষী চকী, বালাজানৰ হৰি মন্দিৰ, বালাগাঁৱৰ লক্ষ্মী মন্দিৰ, বালাজানৰ উপেন ৰায়ৰ বাসভৱন, বালাজান চিকিৎসালয়ৰ নাৰ্ছৰ কোৱাৰ্টাৰ, ভূটীয়াপাৰা শিৱ মন্দিৰ আদিকে ধৰি বহুসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠান, বহুসংখ্যক ব্যাক্তিগত বাসগৃহ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্থ হৈছে।
বালাজান চিকিৎসালয়ত আনকি প্ৰসুতিকালিন কক্ষ ক্ষতিগ্ৰস্থ হোৱাত ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। স্থানীয় জনসাধাৰণে চুৰ্ণ বিচুৰ্ণ হোৱা চিকিৎসালয়, বিদ্যালয়, মন্দিৰ আদি মেৰামতি তথা পুনৰ নিৰ্মানৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে ক্ষতিগ্ৰস্থ লোকসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে। গাঁও সমূহত চৰাই চিৰকতিৰ মৃত্যু হোৱাও দেখা যায়৷