
কাজিৰঙাঃ ২৪ ঘন্টাৰ ভিতৰত চোৰাং চিকাৰীয়ে তিনিটাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ চাঞ্চল্য মাৰ নৌযাওতেই মঙলবাৰে পুৱা এটি গঁড় আৰু এটি বাঘৰ মৃতদেহ উদ্ধাৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাজিৰঙাত৷

নিৰ্বাচনৰ সময়ত বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ গাডী দখল কৰা বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে অসম গৌৰৱ অসমৰ মান-অভিমান এশিঙীয়া গঁঢ়ৰ লগতে আন আন বন্য জীৱ-জন্তু ৰক্ষা কৰাত বিফল হয়৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে নহয় সমগ্ৰ ৰাজ্যৰ বনৰীয়া হাতীকে ধৰি বিভিন্ন জীৱ-জন্তুৰ মৃত্যু হৈ আহিছে৷ কাজিৰঙাত মঙলবাৰে পুৱাই পুনৰ এটি গঁড় আৰু বাঘৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ কিন্তু এইবাৰ চোৰাং চিকাৰীয়ে নহয় বন ৰজা আৰু গঁড়ৰ মাজত লগা যুজ লগাৰ ফলত গঁড় আৰু বাঘৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ যিয়ে নহওক কাজিৰঙাৰ চকুলো যেন অন্ত নপৰে হে নপৰে৷

৪৮ ঘন্টাৰ ভিতৰত তিনিটাকৈ গঁড় নিধন হোৱাৰ পিছত পুনৰ দুটাকৈ বন্যপ্ৰাণীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত এদিন ৰাষ্ট্ৰীয় উদ্যানখনত জীৱ-জন্তু থাকিবনে তাক লৈ চিন্তা কৰাৰ সময় আহি পৰিছে বুলিও চিন্তা ব্যক্ত কৰিছে প্ৰকৃতিপ্ৰেমীয়ে৷ জানিব পৰা মতে, সোমবাৰে নিশা অসম গৌৰৱ এশিঙীয়া এটি মাইকী গঁড় আৰু বনৰজা ঢ়েকীয়াপতিয়া বাঘে তয়াময় যুজ লগাৰ সন্দেহ কৰা হৈছে৷ সোমবাৰে নিশা গঁড় আৰু বাঘৰ যুদ্ধ তথা চিঞৰ-বাখৰ কৰাৰ শব্দ শুনিছিল কাজিৰঙাৰ হাৰমতি বনশিবিৰৰ বনকৰ্মীয়ে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত সংঘটিত হৈছিল এই ঘটনা৷

বনাঞ্চলখনৰ ৰজাপুখুৰী নামৰ ঠাইত এজনী মাইকী খঁঙাল গঁড়ৰ সৈতে মুখামুখি হয় প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ৷মাইকী গঁড়টোৱে বাঘটোক আক্ৰমণ কৰাৰ সন্দেহ কৰা হয়৷ নিশা বনৰজা আৰু অসম গৌৰৱৰ খণ্ড যুদ্ধ প্ৰায় দুঘন্টা ধৰি চলে৷ এই যুদ্ধত দুযোটা বন্যপ্ৰাণীৰ দেহ ক্ষত-বিক্ষত হৈ পৰে আৰু অৱশেষত প্ৰাণ ত্যাগ কৰাৰ সন্দেহ কৰা হয়৷ নিশা সন্দেহ কৰাৰ ঘটনা পুৱাই সত্য বুলি প্ৰমাণ হয়৷ পুনাই বন বিভাগৰ লোকে বনৰজা আৰু গঁড়ৰ মৃতদেহ ওচৰা ওচৰিকৈ পৰি থকা প্ৰত্যক্ষ কৰে৷

এই ঘটনা কাজিৰঙাৰ ইতিসাহত প্ৰথম বুলি বনবিভাগে জানিবলৈ দিয়ে৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক এচ এন সিঙৰ নেতৃত্বত বনবিষয়াৰ দল, পশু চিকিৎসক আৰু এন টি চি এৰ এটা দল ঘটনাস্থলী পৰ্য্যবেক্ষণ কৰে৷ পশু চিকিৎসকৰ দলটোৱে মৃতদেহ দুটাৰ মৰোণোত্তৰ পৰীক্ষা কৰি গঁড়ৰ খৰ্গটো সংৰক্ষণ কৰে৷