পুৱাই পানীত ওপঙি আছিল কাজিৰঙাৰ প্ৰকাণ্ড ঢেকীয়াপতীয়া

কজিৰঙাঃ দেওবাৰে পুৱাই বন বিভাগৰ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটি বাঘৰ মৃতদেহ উদ্ধাৰ কৰে৷ পানীত ওপঙি থকা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ মৃদেহটো অগৰাতলী বনাঞ্চলৰ নলনী বনশিবৰত উদ্ধাৰ হয়৷ বন বিভাগৰ লোকে নিয়মিত পহাৰত দি তকাৰ সময়তে প্ৰত্যক্ষ্য কৰে বাঘটোৰ মৃতদেহ৷

অগৰাতলী বনাঞ্চলৰ নলনী বনশিবৰৰ অধীনত পানীত ওপঙি থকা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহটো উদ্ধাৰ কৰি বন বিভাগে মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে৷ উচ্চ প্ৰদস্থ বনবিষয়া, এনটিচিএৰ লোক সহ পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত্যুৰ কাৰণ জানিবৰ বাবে চেষ্টা চলাই৷

প্ৰায় ৭ বছৰীয়া বুলি অনুমান কৰিছে ঢেকীয়াপতীয়া বাঘটো পৰস্পৰে যুঁজ লগি মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগে৷ যুঁজি গুৰুতৰভাৱে আহত হোৱাৰ পিছতে ছেপ্তিছেমীয়া ৰোগত আক্ৰান্ত হৈ অৱশেষত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বনবিভাগে৷