বন বিভাগৰ বুদ্ধিৰ ওচৰত আত্মসমৰ্পণ বনৰজাৰ

টিংখাংঃ অৱশেষত বন বিভাগ সফল হ’ল। ৮ অক্টোবৰে এটি প্ৰকাণ্ড বাঘ পিঞ্জৰাবদ্ধ কৰি শ শ লোকক আতংকৰ পৰা মুক্ত কৰাৰ পিছতেই শুকুৰবাৰে বন বিভাগে পুনৰ আৱদ্ধ কৰিবলৈ সক্ষম হ’ল আন এটি বাঘ। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কৰঙাণি চাহ বাগিচাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী।

অৱশেষত যেন বন বিভাগৰ বুদ্ধিৰ সন্মুখত আত্মসমৰ্পণ কৰিলে বনৰজাই৷ কেবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বেচেৰা বনৰজা আবদ্ধ হ’ল পিঞ্জিৰাত৷ উজনিৰ টিংখাঙত যোৱা কেবাদিন ধৰি এটি বাঘক লৈ সৃষ্টি হৈছিল আতংকৰ৷

৮ অক্টোবৰৰ পুৱাই পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকী। তাকৰ পিছতে শুকুৰবাৰে পুনৰ আৱদ্ধ কৰিবলৈ সক্ষম হয় আন এটি বাঘ। বন বিভাগে যোৱা কেবাদিন ধৰি অহৰহ প্ৰচেষ্টাৰ অন্তত শুকুৰবাৰে মাংসৰ লোভত পিঞ্জিৰাত সোমাই আবদ্ধ হয় বাঘটোৱে৷ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে বাঘ চাবলৈ শ-শ লোকে ভিৰ কৰে।