মঙলবাৰৰ পৰা আৰম্ভ হৈছে নেপালী সম্প্ৰদায়ৰ তিহাৰ উৎসৱ

শুক্লাইঃ নানান জাতি-জনগোষ্ঠীৰ মিলনৰ ভূমি এইখন বৰ অসম৷ পৰম্পৰা সংস্কৃতিৰ ভড়াল এই খন অসম৷ সাংস্কৃতিৰ বহল পথাৰখনত বিভিন্ন ধাৰ্মিক, ভাষা-ভাষিক তথা সাংস্কৃতিক গোটৰ বিভিন্ন উৎসৱ পালন কৰা হয়৷ জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ-পাৰ্বন সমূহে আমাক ভাতৃত্বৰে বান্ধ খাই ৰাখিছে৷ এই উৎসৱ পাৰ্বনৰ ভিতৰত অন্যতম ৰাজ্য খনৰ নেপালী ভাষিক লোকসকলৰ তিহাৰ উৎসৱ৷ তিহাৰ শাৰদীয় উৎসৱ যদিও পাঁচদিনধৰি উলাহ-মালহেৰে পালন কৰে নেপালী লোকসকলে৷

কৃষিজীৱি নেপালী ভাষিক লোকসকলৰ ধাৰ্মিক, সামাজিক,  সাংস্কৃতিক, লোকবিশ্বাস, আশা-আকংক্ষা আদিকে প্ৰকাৰন্তৰে প্ৰতিফলিত হয় এই উৎসৱত৷ পৰম্পৰামতে ভাৰতীয় গোৰ্খা অৰ্থাৎ নেপালী সমাজৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ "তিহাৰ''৷ অসমত যুগ যুগ ধৰি বসবাস কৰি অহা নেপালী লোকসকলে এই উৎসৱ পালন কৰি আহিছে 'ৰমাইলো তিহাৰ' নামেৰে৷ ৰাজ্যত দীপাৱলী পালনৰ প্ৰস্তুতি চলি থকাৰ মাজতে মঙলবাৰৰ পৰা গোৰ্খা সকলে পাঁচদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে তিহাৰ উৎসৱ।

কাতিৰ কৃষ্ণ পক্ষৰ এয়োদশ তিথিৰ পৰা শুক্ল পক্ষৰ দ্বিতীয় তিথিলৈকে এই তিহাৰ সংস্কৃতি আলোকিত কৰা হ'য়। সুখ-শান্তি কামনা কৰি অন্যায় অত্যাচাৰ অপশাসনৰ পৰিসমাপ্তি, প্ৰকৃতিৰ প্ৰেমৰ নিদৰ্শন, জীৱ-জন্তুৰ প্ৰতি সন্মান, তথা নিজ গৃহত লক্ষ্মী মাতাক আদৰি দুখ কষ্টৰ পৰা মুক্তিৰ কামনা কৰা হয় তিহাৰৰ যোগেৰে। তিহাৰ উৎসৱৰ মঙলবাৰে কাউৰী তিহাৰ অৰ্থাৎ কাৰ্তিক কৃষ্ণ ত্ৰয়োদশীৰ দিনা কাউৰী চৰাইক পূজা কৰি  বিভিন্ন ব্যঞ্জন খাবলৈ দিয়ে।

কাউৰী চৰাইক পূজা কৰাৰ অন্তৰালত বিভিন্ন যুক্তিসংগত কথা নথকা নহয়৷ দ্বিতীয় দিনা কুকুৰা তিহাৰ কোৱা হ'য়। কাৰ্তিক কৃষ্ণ চতুৰ্দশীৰ দিনা এই পূজা কৰে গোৰ্খাসকলে। বুধবাৰে এই পূজা কৰিব। পুৰান মতে ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰৰ দৰে অত্যাচাৰী শাসকক বধ কৰি বিশ্বত শান্তি স্থাপন কৰা বাবেই এই দিনটোত কুকুৰ তিহাৰ পালন কৰা হ'য়। আনহাতে, কুকুৰক প্ৰভুভক্ত তথা মানৱ জাতিৰ বিশ্বাসী বন্ধু হিচাপে শ্ৰদ্ধা কৰি পূজা কৰাৰ লগতে বিভিন্ন ধৰণৰ ব্যঞ্জন খাদ্য দিয়া হয়। তিহাৰৰ তৃতীয় দিনা গাই তিহাৰ পালন কৰা হয়।

বিষ্ণুৰ অৱতাৰীৰূপ বামনৰ দ্বাৰা লক্ষ্মী আৰু কুবেৰ উদ্ধাৰ হোৱাৰ আনন্দত এই গাই গৰু তিহাৰ পালন কৰা হ'য়। গাই তিহাৰক লক্ষ্মী পূজা বুলিও কোৱা হ'য়। নেপালিসকল কৃষি কৰ্মৰ সৈতে জড়িত হোৱাৰ বাবে এই দিনটোত কৃষকৰ বন্ধু গাই গৰুক পূজা কৰা হ'য়। বেদত উল্লেখ আছে 'গাৱো বিশ্বস্য মাতৰ' অৰ্থাৎ সমগ্ৰ গাই বিশ্বৰে মা’ হয়। তিহাৰৰ চতুৰ্থ দিনটোত হলি তিহাৰ পালন কৰা হয়। প্ৰতিপ্ৰদত তিথি গোৰ্খা সমাজে হলি তিহাৰ হিচাপে মানি পূজা কৰি আহিছে। শাস্ত্ৰৰ মতে এই দিনটোত ভগৱান শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত দাঙি সমগ্ৰ জীৱ-জন্তু বিনাশৰ পৰা ৰক্ষা কৰিছিল৷

সেয়েহে এই দিন গোবৰ্ধন পূজা কৰি আহিছে গোৰ্খা সমাজে। তিহাৰৰ অন্তিম দিন হ'ল ভাতৃ দ্বিতীয়া পূজা৷  শাস্ত্ৰত উল্লেখ আছে অকাল মৃত্যুৰ পৰা ৰক্ষা পাবলৈ যমৰাজে নিজ ভগ্নী যমুনাৰ গৃহত আশ্ৰয় লৈছিল। পিছত যমুনাই যমৰাজক সুখ-শান্তি, দীৰ্ঘায়ু কামনাৰে এক পূজা অনুষ্ঠিত কৰিছিল আৰু যমৰাজক অকাল মৃত্যুৰ পৰা ৰক্ষা কৰিছিল।

এই দিনটোত ভগ্নীসকলে নিজ ভাতৃক দীৰ্ঘায়ু কামনাৰে আশীৰ্বাদ দিয়া দেখা যায়। আনহাতে গাই তিহাৰৰ দিনৰ পৰা গোৰ্খা মহিলা যুৱতী সকলে ঘৰে ঘৰে গৈ 'ভইলী' খেলি গাঁৱৰ লগতে পৰিয়ালৰ সুখ-শান্তি,দীৰ্ঘায়ু কামনাৰে আশীৰ্বাদ দিয়ে গোৰ্খা যুৱকেও হলি তিহাৰৰ দিনৰ পৰা নিজ অনুষ্ঠান, সংঘৰ সদস্য লগ লাগি ঘৰে ঘৰে গৈ দেউছি খেলি এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰে। এ ভন ভন-ইয়ো দেউচুৰে, একে কো ঝিলিমিলি দেউচুৰে, এচাৰি ভাই জন্মা দেউচুৰে আদি সংলাপেৰে গোৰ্খা যুৱক-যুৱতীয়ে দেউসী গাই ফুৰে।