
শুক্লাইঃ পৰম্পৰামগত ভাবে পালন কৰি অহা নেপালী সমাজৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ "তিহাৰ''৷ অসমত যুগ যুগ ধৰি বসবাস কৰি অহা নেপালী লোকসকলে এই উৎসৱ পালন কৰি আহিছে 'ৰমাইলো তিহাৰ' নামেৰে৷ ৰাজ্যত দীপাৱলী পালনৰ প্ৰস্তুতি চলি থকাৰ মাজতে মঙলবাৰৰ পৰা গোৰ্খা সকলে পাঁচদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে তিহাৰ উৎসৱ।
কৃষিজীৱি নেপালী ভাষিক লোকসকলৰ ধাৰ্মিক, সামাজিক, সাংস্কৃতিক, লোকবিশ্বাস, আশা-আকংক্ষা তথা সমৃদ্ধিৰ কামনা কৰে ৷ শুকুৰবাৰে পুৱাই গোৰ্খা যুৱক-যুৱতীয়ে পৰম্পৰাগত সাজপোছাক পিন্ধি ওলাই আহে দেউছি আৰু ভইলী গীত-নৃত্য পৰিবেশন কৰিবলৈ। নৃত্য পৰিবেশন কৰাৰ অন্তত তেওঁলোকে গৃহস্থৰ সু-স্বাস্থ্য কামনা কৰি আৰ্শীবাদ দিয়ে।
ভেৰগাঁৱৰ শুক্লাইত বৃহস্পতিবাৰে কৃষকৰ বন্ধু গৰুক পূজা, সেৱা কৰাৰ পিছত শুকুৰবাৰে গোৰ্খা যুৱক-যুৱতী দল বান্ধি গৃহস্থৰ চোতালে চোতালে দেউছি ভইলি নৃত্য গাই এক উসৱমুখৰ পৰিবেশ সৃষ্টি কৰে।ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ শুক্লাইত তিহাৰ উৎসৱক লৈ ব্যস্ত হৈ পৰিছে গোৰ্খা ভাষী যুৱক-যুৱতী আৱাল বৃদ্ধা বনিতাই।
অঞ্চলটোত সুখ-শান্তিৰ কামনা কৰি ডিমাকুছি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু মিলিজুলি সংঘৰ যৌথ উদ্যোগত শুক্লাইৰ অঞ্চলৰ গৃহস্থৰ চোতালে চোতালে দেউসী ভইলী নৃত্য লৈ পৰিবেশন কৰিব। আনহাতে গোৰ্খা মহিলা ব্যস্ত ঢেকীশালত। ঢেকীশালত পিঠা গুৰি খুণ্ডি পিঠা তৈয়াৰ কৰি আলহীক আপ্যায়ন কৰিব। মূঠতে এতিয়া গোৰ্খা অধ্যুষিত অঞ্চলত উখল-মাখল মাখল পৰিবেশ তিহাৰ উৎসৱক লৈ।