তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি

newsnextone.com | তিনিচুকীয়াঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক বাৰ্তা দিছিল দেশৰ প্ৰতিটো প্ৰাণ, প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান পৰিস্কাৰ কৰাৰ৷ তাৰ পিছতে দেশত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷

তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল'গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ৰাজ কোষৰ কোটি কোটি টকা খৰছ কৰা সময়তে তিনিচুকীয় জিলাৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয় চৌহদৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে।

অসামৰিক চিকিৎসালয় খনৰ চৌহদত চৌদিশে জাঁৱৰ দম হৈ থকা পৰিলক্ষিত হয়৷ বহু পেলনীয়া সামগ্ৰী চিকিৎসালয় চৌহদত পেলাই থোৱাত সেই সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ বিভিন্ন সময়ত বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কে স্বচ্ছ ভাৰতৰ নামত চমক সৃষ্টি কৰে যদিও সেয়া প্ৰকৃততে চমক হৈয়ে ৰয়৷ চৰকাৰখনে স্বচ্ছ ভাৰত অভিযানৰ ঢাক-ঢোল বজাই আহিছে যদিও তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ সমীপতে জাৱৰ জোঁথৰ ভৰি থকা কাৰ্যই স্বচ্ছ ভাৰত অভিযান চৰকাৰে অসমত সফল কৰিব পৰা নাই তাকেই প্ৰমাণ কৰে৷ জাৱৰ-জোঁথৰৰ ফলত তিনিচুকীয়া জিলাৰ বিভিন্ন ৰোগীসকলে অসুবিধাৰ সন্মুখীন হৈ অহা বুলি অভিযোগ উত্থাপন হয়৷