
ফিল'বাৰীঃ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই৷
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ গোলাঘাট জিলাৰ বগীধল কাণ্ডৰ উচিত বিচাৰ কৰা, চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
চাহ বাগিচাৰ মালিকৰ অতপালি সহ্য নকৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে৷ চাহ শ্ৰমিকৰ ওপৰত মালুকৰ শোষণ-বঞ্চনা কৰাৰ দাবীত শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল’গান দিয়ে৷ বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত শুকুৰবাৰে চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।