লেখাপানী আৰক্ষী থানাত থলুৱাৰ আৰ্তনাদ, দৰিদ্ৰ লোকক সেনাৰ হাৰাশাস্তি

লিডুঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপুৰৰ এগৰাকী নিৰীহ লোকক সেনাই হাৰাশাস্তি কৰি অস্ত্ৰ উদ্ধাৰৰ নাটকেৰে আটক কৰাৰ ঘটনাই চিন্তিত কৰিছে সীমান্তৰ থলুৱাক৷ নিৰীহ থলুৱা লোকক আটক কৰাৰ পিছতেই থলুৱা লোকে বাৰে বাৰে নিৰীহক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি সেনাৰ অত্যাচাৰৰ পাৰ কেতিয়া ৰেহাই পাম বুলি প্ৰশ্ন উত্থাপন কৰিছে৷

নিৰীহ লোকজনক NSCNৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰে৷ কেউ কিছু নজনা হোজা লোকজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ অভিযোগক সহজেই লব পৰা নাই ৰাইজে৷ মিছা অভিযোগত নিৰীহ লোকজনক সেনাই উগ্ৰপন্থী সজাই আৰু অস্ত্ৰ উদ্ধাৰৰ নাটক ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালে৷

আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসলৈ মাজত মাথো কেইটামান বাকী থকা অৱস্থাত অসম-অৰুণাচল সীমান্তৰ টিৰাপ অঞ্চলত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ মঙলবাৰে নিশা মাৰ্ঘেৰিটাৰ ১৪ নং অসম ৰাইফলছৰ এটা দলে লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰত অভিযান চলাই আটক কৰে লিমহাম জুগ্লী (৫৪) নামৰ এজন লোকক৷ অসম-অৰুণাচল সীমান্তৰ টিৰাপৰ পাহাৰপুৰ গাঁৱৰ লিমহাম জুগ্লীক আটক কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 

সেনাই লোকজনৰ পৰা পইন্ট ২২ এটা পিষ্টল সহ এটা মেগজিন আৰু চাৰি জাই সজীৱ গুলী উদ্ধাৰ কৰা বুলি দাবী কৰে৷ লোকজনক সেনাই NSCNৰ লিংক মেন বুলি দাবী কৰি লেখাপানী আৰক্ষী থানাত গতাই দিয়ে৷ এই ঘটনাক কেন্দ্ৰ কৰি টিৰাপ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ সেনাই নিৰীহক মিছাতে উগ্ৰপন্থী সজোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকে৷ 

জানিব পৰা মতে, সেনাই লোকজনক পাহাৰপুৰৰ পৰা আটক কৰা বুলি দাবী কৰিছে যদিওঁ ইয়াৰ বিপৰীতে লোকজনক লেখাপানী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰৰ পৰাহে আটক কৰে বুলি পঞ্চায়তৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷ মঙলবাৰে লেখাপানী গাঁও পঞ্চায়তলৈ লোকজনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ সন্দৰ্ভত বুজ লবলৈ আহোতেই সেনাই আটক কৰে লোকজনক৷ 

উল্লেখ্য যে, সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযানত নিৰীহক এনেদৰে উগ্ৰপন্থী সজোৱা কাৰ্যক স্থানীয় ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিৰীহ লোকজনক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায়৷ অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা চলি অহা সেনাৰ অতপালি বন্ধ নকৰিলে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ প্ৰদান কৰে৷