
কাকপথাৰঃ ডাম্পাৰ-ট্ৰাকে এতিয়া যমদূতৰ ৰূপ ধাৰণ কৰিছে অসমৰ ৰাজ পথত৷ তীব্ৰ বেগী ডাম্পাৰ চালকৰ অতপালি ৰোধ কৰাত আৰক্ষীয়ে সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ প্ৰাণ যোৱা ঘটনাই শোকৰ ছাঁ পৰে উজনিৰ তিনিচুকীয়া জিলাৰ বৰডুমচা অাৰক্ষী থানাৰ অন্তৰ্গত কৈলাশপুৰত৷
উল্লেখ্য যে, বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত সপ্তম শ্ৰেণীৰ নয়ন চাংমাই নামৰ ছাত্ৰজনক ডাম্পাৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হৈছিল৷ যোৱা ৩ এপ্ৰিলত তিনিচুকীয়া জিলাৰ বৰডুমচা অাৰক্ষী থানাৰ অন্তৰ্গত কৈলাশপুৰৰ বেতনী গাঁৱত পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল৷
যাৰ ফলত বৃহস্পতিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সংযোগী ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
টাই আহোম ছাত্ৰ সন্থাৰ কৈলাশপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত সোণজান মাধবপুৰ তিনিঅালিত ৰূপায়ন কৰা পথ অৱৰোধ কাৰ্যসূচীত স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷
ছাত্ৰ জনৰ পৰিয়ালক ষাঠি লাখ টকাৰ ক্ষতিপুৰণ দিয়া, ৫২নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ সোণজান-বৰডুমচা অংশ মেৰামতি কৰা, ডাম্পাৰ সমূহৰ অতপালি ৰোধ কৰা, অনুজ্ঞাপত্ৰ নথকা চালকসকলক আইনগত ব্যৱস্থা লোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷
পথ অৱৰোধৰ ফলত অৰুণাচল প্ৰদেশলৈ আগ-যাহ কৰাযোৱা শ শ গাড়ী আৱদ্ধ হৈ পৰে৷ অৱশেষত মাৰ্ঘেৰিটাৰ পৰা দণ্ডাধীশ উপস্থিত হৈ প্ৰতিবাদকাৰীৰ দাবী মানি লোৱাৰ আশ্বাস দিয়াত পথ অৱৰোধ কাৰ্যসুচী স্থগিত ৰাখে৷