৬৯ দিনৰ মূৰত ঘূৰাই পালে নিজ কন্যাক, আনন্দৰ চকুলোৰে নধৰা হ’ল পৰিয়ালৰ

newsnextone.com| তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ ডিৰাক গোঁসাই গাঁৱৰ বৰডিৰাক গোঁসাই গাঁও প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী তথা বেনাই মহন্তৰ দুহিতা সবিতা ওৰফে ববী মহন্ত (৮) ক অৰুণাচল প্ৰদেশৰ খাৰচাং জিলাৰ ৰত্নপুৰ গাঁৱৰ অজিত চাকমা (ভাৰ্চি) নামৰ লোকজনে সম্বন্ধীয় মামাক বুলি পৰিচয় দি অপহৰণ কৰিছিল৷ স্বাভাৱিকতে এই ঘটনাই সমগ্ৰ সীমামূৰীয়া অঞ্চলটোৰ লগতে জিলাখনতো ব্যাপক প্ৰতিক্ৰিয়া কৰা লগতে স্থানীয় দল সংগঠনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিছিল৷ 

সবাটোতকৈ লক্ষণীয় কথাটো হ'ল যে ভাৰ্চি নামৰ ব্যক্তিজনৰ পৰিচয় সম্বন্ধে পৰিয়ালৰ লোক বিশেষ জ্ঞাত নাছিল যদিও পৰিয়ালটোৰ স'তে সঘন আহ-যাহ কৰা কৰিছিল বুলি পৰিয়ালে ব্যক্তব্য প্ৰদান কৰিছে৷ পৰৱৰ্তী সময়ত এই অজিত চাকমাই বেনাই মহন্ত জীয়েক ববীক মৰ্টন কিনি দিয়াৰ উদ্দেশ্যেৰে ফুচুলাই অপহৰণ কৰি অৰুণাচলৰ ব্যৱসায়িক চহৰ তেজুৰ এজন ব্যক্তিক বিশেষ কাৰণ দেখুৱাই বিক্ৰী কৰি দিয়ে৷ নাম প্ৰকাশত অনিচ্ছুক ব্যক্তিজনে ফুলকুমলীয়া ছোৱালীজনীক মৰমতে নিকটৱৰ্তী এখন বিদ্যালয়ত নামভৰ্তি কৰাই দিয়াৰ উপৰিও নিজা খৰচ বহন কৰি হোষ্টেলত ৰাখে৷ 

ইপিনে অৰুণাচল আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া বিশ্বজিত কোঁৱৰৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ পম খেদি ববী মহন্তৰ সম্বন্ধীয় সম্পূৰ্ণ নিশ্চিত তথ্য লাভ কৰি উদ্ধাৰ কৰি অসম আৰক্ষীৰ বৰডুমছা থানাত গটাই দিয়ে৷ বৰডুমছা আৰক্ষীয়ে কিশোৰীগৰাকীক সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিক অৱগত কৰি পৰিয়ালটোক চমজাই দিয়াত পৰিয়ালটোত আনন্দৰ চকুলোৰে নধৰা হয়৷ উল্লেখ্য যে সম্পূৰ্ণ ৬৯ দিনৰ অন্তত হ'লেও কিশোৰীগৰাকী উদ্ধাৰ কৰি দৰিদ্ৰ পৰিয়ালটোক অৰুণাচল আৰক্ষীয়ে যি উপকাৰ সাধিলে লে তাৰ বাবে অঞ্চলটোৰ ৰাইজে অৰুণাচল আৰক্ষীক ভূয়সী প্ৰশংসা কৰিছে৷