টিপু চুলটান বিদেশীৰ বিৰুদ্ধে যুঁজ দিয়া ডাঙৰ যোদ্ধা, ৰাষ্ট্ৰপতি কোবিন্দ

ডিজিটেল ডেস্কঃ টিপু চুলটানৰ জয়ন্তীক লৈ হৈ থকা বাদ বিবাদৰ মাজতেই বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১৮শ শতাব্দীৰ মহীষুৰৰ শাসকগৰাকীৰ উচ্চ প্ৰশংসা কৰে৷

ৰাষ্ট্ৰপতি কোবিন্দে কৰ্নাটক বিধানসভাত সাংসদ সকলক উদ্দেশ্যি দিয়া ভাষণত  টিপু চুলটানে বিদেশী সকলৰ বিৰুদ্ধে যুঁজ দি মৃত্যু বৰণ কৰা ডাঙৰ যোদ্ধা আখ্যা দিয়ে৷ তেওঁ মহীষুৰৰ ৰকেটৰ বিকাশৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভুমিকা পালন কৰিছে আৰু যুদ্ধত ইয়াৰ উচিত ব্যৱহাৰ কৰি নিদৰ্শন দাঙি ধৰিছে৷

আনহাতে আকৌ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগৰেই কৈছে যে, টিপু চুলটান এগৰাকী বলাৎকাৰী আৰু ক্ৰতাৰে হত্যা কৰা শাসক আছিল৷ কোনো ক্ষেত্ৰততেই মহানুভৱতা তেওঁৰ মাজত নাছিল৷

উল্লেখযোগ্য যে. কৰ্নাটক চৰকাৰে অহা ১০ নৱেম্বৰত টিপু চুলটানৰ জয়ন্তী উৎসৱৰ আয়োজন কৰিছে৷