চৰকাৰৰ বিনামূলীয়া আঁচনিত সফল হ'ব পূণ্যধাম যাত্ৰা

গুৱাহাটীঃ আৰম্ভ হ'ল পূণ্যধাম যাত্ৰা। ৮২ গৰাকী আৰ্থিক ভাৱে দুৰ্বল বয়োজ্যেষ্ঠ লোকৰ দল এটিৰে আৰম্ভণি কৰিলে এই যাত্ৰাৰ। অহা-যোৱা, থকা-খোৱা সকলো খৰচ বহন কৰিব চৰকাৰে৷ অৰ্থাৎ সম্পূৰ্ণ বিনামূলীয়া হ'ব এই যাত্ৰা। বৃহস্পতিবাৰে পুৱা মন্ত্ৰী হিমন্তই মুকলি কৰে এই যাত্ৰাৰ।

অসম পৰ্যটন মন্ত্ৰী হিমন্তৰ এই আচঁনি অনুসৰি প্ৰত্যেক বছৰে প্ৰায় ৩০০০ লোকক যাৰ বাৰ্ষিক আয় আঢ়ৈ লাখৰ কম তেনে পৰিয়ালৰ দুজনকৈ বয়োজ্যেষ্ঠ লোকক সাঙুৰি লোৱা হ'ব এই বিনামূলীয়া যাত্ৰাৰ ভিতৰত। য'ত থাকিব পুৰীৰ জগন্নাথ মন্দিৰ, উত্তৰ প্রদেশৰ মথুৰা বৃন্দাবন, ৰাজস্থানৰ আমিৰ শ্বৰীফ দৰগাহ, কাশ্মীৰৰ বৈষ্ণৱী দেৱীৰ মন্দিৰ ইত্যাদি।