
newsnextone.com | নগাঁওঃ বৃহস্পতিবাৰৰ পৰা মধ্য অসমত আৰম্ভ হ’ল ৰাজপথত কৰ লৈ ৰাজকোষ টনকীয়াল কৰাৰ অভিযান৷ ৰাজ্যৰ প্ৰায় কেইটা ঘাইপথত গাড়ী-মটৰ চলাব পৰা অৱস্থা নাই যদিও ৰাইজৰ পৰা কৰ লোৱাৰ অভিযান আৰম্ভ কৰিলে চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷
দৰিদ্ৰৰ তেজ শুহি খোৱা এই টোলগে’ট ব্যৱস্থা অসমৰ বাবে কিমান যুক্তিসন্মত সেয়া বিবেচনা কৰাৰ আহৰি নোহোৱাৰ সময়তে দেশ তথা ৰাজ্যৰ চৰকাৰে টোলগেট বহুওৱাৰ অনুমতি প্ৰদান কৰে৷ বছৰৰ ৬ মাহ বান পানীত ককবকাই থকা, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকে আজিও সাধাৰণ টম্বুৰ তলত থাকিব লগা অৱস্থা হোৱাত সাধাৰণ লোকে কেনেদৰে ৰাজপথত কৰ দিব সেয়াই এক চিন্তাৰ বিষয়৷
আনহাতে ৰাজপথত আহোতে যাওতে প্ৰতিখন গাড়ীয়ে কৰ দিব লাগিলে বিভিন্ন ধৰণে হেঁচা পৰে ব্যৱসায় বাণিজ্যত৷ ব্যৱসায়ীয়ে সেই টকা সৰ্বসাধাৰণৰ পৰা উলিয়াই ল’ব লগা হোৱাৰ ফলত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব লগা হয়৷
যিয়ে নহওক দেশৰ চৰকাৰে ৰাজপথ নিৰ্মাণৰ নামত খৰছ কৰা কোটি কোটি টকা ৰাইজৰ পৰা কৰ হিচাপে আদায় কৰিবৰ বাবে টোলগে’ট বহুৱাই৷ যদিও অসমৰ প্ৰায় কেইটা ৰাষ্ট্ৰীয় ঘাইপথেই জৰাজীৰ্ণ তাৰ পিছতোঁ বৃহস্পতিবাৰে পুনৰ প্ৰথমটো ৰাজপথত কৰ লোৱা ব্যৱস্থা আৰম্ভ কৰিলে চৰকাৰে৷
নগাঁও জিলাৰ ৰহাত মুম্বাইৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে বৃহস্পতিবাৰৰ পুৱাৰে পৰা পুনৰ টোলগে’ট আৰম্ভ কৰে। জানিব পাৰ মতে, এবাৰ পাৰ হলে প্ৰতিখন চাৰিচকীয়া বাহনে ১৫০ টকা আদায় দিব লাগিব৷ প্ৰতিখন বাণিজ্যিক ট্ৰাক-বাছে প্ৰতিবাৰে আদায় দিব লাগিব ৫০০ টকাকৈ। ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ নোহোৱাকৈ টোলগে’ট মুকলি কৰা হয় আৰু ৰহাৰ টোলগে’ট মুকলি নকৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ পিছতোঁ ৰাইজৰ দাবীক অমান্য কৰি টোলগে’ট আৰম্ভ কৰে চৰকাৰে৷
ইতিমধ্যে তেজ দি হলেও টোলগে’ট বন্ধ কৰাৰ হুংকাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ অসমত কোনো কাৰণত টোলগে’ট বহুৱাব দিয়া নহ’ব বুলি কৈ আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ চৰকাৰে পুৰ্বৰ টোলগে’ট সক্ৰিয় কৰাৰ মুঠতে টোলগেট বহুৱাই ৰাইজৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ বাবে তৎপৰ হৈ পৰিছে চৰকাৰ৷
টোলগে’ট খুলিলে ২০১৫ চনৰ দৰেই ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে ৰাজ্যৰ কেইবাটাও দল-সংগঠনে। অসমৰ সকলো ৰাস্তা ঘাট বেয়া হৈ থকা সময়ত পৰিৰ্বতনৰ কথা কোৱা চৰকাৰ খনে টোলগে’ট খুলি ধন সংগ্ৰহ কৰাতো অতি লজ্জাজনক কথা বুলিও মন্তব্য আগবঢ়ায় আহিছে একাংশ লোকে। জিএছটিৰ জৰিয়তে ৰাইজক কোঙা কৰাৰ পাছত আকৌ টোলগেট’ৰ জৰিয়তে সৰ্বসাধাৰণৰ ৰাইজক মাধমাৰ সোধাব খোজা বুলি কব খোজে একাংশ লোকে৷
ৰাজ্য চৰকাৰৰ সংকেত লাভ কৰাৰ পিছতে টোলগে’ট বহুৱাবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সাজু বুলি ২০১৭ চনৰ ২৩ অক্টোবৰত প্ৰকাশ কৰিছিল ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ প্ৰৱন্ধক তদানীন্তন ৰাজ চক্ৰৱতীয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথত ৬০-৭০ কিঃ মিটাৰৰ মুৰে মুৰে টোলগেট বহুৱাবলৈ সাজু NHAI-এ৷ টোলগেট স্থাপন নোহোৱাৰ বাবে ৰাজ্যৰ উন্নয়ন নোহোৱা বুলি কৈছিল প্ৰৱন্ধকগৰাকীয়ে৷ নগাঁও জিলাৰ ৰহাস্থিত টোলগে’ট শীঘ্ৰে খোল খাব বুলিও কৈছিল আৰু শ্ৰীৰামপুৰলৈ নতুন পথৰ বাবেও সাজু কেন্দ্ৰীয় সংস্থাটোৱে৷
নামনি অসমৰ চিৰাং জিলাত ধলাপৰাস্থিত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত বহুওৱা টোলগেট একাংশ লোকে ২০১৫ চনৰ ১৭ মে’ত অগ্নি সংযোগ কৰিছিল৷মুম্বাইৰ ব্যক্তিগত খণ্ডৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে লাভ কৰা টোলগেট’ত স্থানীয় একাংশ লোকে অগ্নিকাণ্ড সংঘটিত কৰাৰ লগতে ২৫টা কম্পিউটাৰ আৰু ৩৫টা চিচিটিভি ভাঙি পেলাইছিল৷ উক্ত সময়ত অখিল গগৈয়ে টোলগেট’ৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছিল৷ এইবাৰ ৰাজ্যত বিজেপি চৰকাৰ থকা সময়ত পুনৰ টোলগেট আৰম্ভ কৰিব বিছৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
স্মৰ্তব্য যে, উজনিৰ পৰা নামনিলৈ কোনটো ৰাষ্ট্ৰীয় ঘাই পথ সম্পুৰ্ণ কৈ নিৰ্মাণ কৰিছে চৰকাৰে৷ গাতৰ বাবে ৰাজ পথত গাড়ী-মটৰ চলাবৰ বাবে পৰিবেশ নোহোৱা হৈছে৷ স্মৰ্তব্য যে, ইয়াৰ পুৰ্বে চিৰাং জিলাৰ সমীপত আৰু নগাঁৱৰ ৰহাত টোলগেট বহুৱাইছিল যদিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেইবাটাও সংগঠনৰ তীব্ৰ প্ৰতিবাদত বন্ধ কৰিবলৈ বাধ্য হৈছিল৷