
কামপুৰঃ তেজ দি বন্ধ কৰিব টোলগেট৷ অসমক কোনো কাৰণত টোলগেট বহুৱাব দিয়া নহ’ব৷ এই হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ৷ এনেদৰে টোলগেটৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজ দি হলেও টোলগেট বন্ধ কৰিব কৃষক মুক্তিয়ে। চৰকাৰে পুৰ্বৰ টোলগেট সক্ৰিয় কৰাৰ ৬-৭০ কিঃ মিটাৰৰ মুৰে মুৰে টোলগেট বহুৱাই ৰাইজৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ বাবে তৎপৰ হৈ পৰিছে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই কামপুৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ এই মন্তব্য প্ৰকাশ কৰে৷ জাতি, মাটি, ভেটিৰ কথা কোৱা চৰকাৰ খনে প্ৰকৃততে জাতি, মাটি, ভেটিৰ বাবে কাম কৰক। অন্যথাই উচিত শাক্ষা পাব চৰকাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজু বৰাই৷ ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ প্ৰৱন্ধক ৰাজ চক্ৰৱতীয়ে অসমৰ টোলগেট সমূহ খোলাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

টোলগেট খুলিলে ২০১৫ চনৰ দৰে ভয়াবহ আন্দোলনৰ কাৰ্যসূচী কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। তেজ দি হলেও বন্ধ কৰিম অসমৰ টোলগেট ৰাজু বৰাি এনেদৰে কৈ অসমৰ সকলো ৰাস্তা ঘাট বেয়া হৈ থকা সময়ত পৰিৰ্বতনৰ কথা কোৱা চৰকাৰ খনে টোলগেট খুলি ধন সংগ্ৰহ কৰাতো অতি লজ্জাজনক কথা বুলিও মন্তব্য আগবঢ়ায়। জিএছটিৰ জৰিয়তে ৰাইজক কোঙা কৰাৰ পাছত আকৌ টোলগেটৰ জৰিয়তে সৰ্বসাধাৰণৰ ৰাইজক মাধমাৰ সোধাব খোজা কাৰ্যক কৃষক মুক্তিয়ে সহ্য নকৰে বুলি কয়৷
প্ৰয়োজন হলে পুনৰ আন্দোলনত নামি পৰিব কৃষক মুক্তি সংগ্ৰাম সমিতি। ৰাজ্য চৰকাৰৰ সংকেত লাভ কৰাৰ পিছতে টোলগেট বহুৱাবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সাজু বুলি ২৩ অক্টোবৰত প্ৰকাশ কৰিছিল ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ প্ৰৱন্ধক ৰাজ চক্ৰৱতীয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথত ৬০-৭০ কিঃ মিটাৰৰ মুৰে মুৰে টোলগেট বহুৱাবলৈ সাজু NHAI-এ৷ টোলগেট স্থাপন নোহোৱাৰ বাবে ৰাজ্যৰ উন্নয়ন নোহোৱা বুলি কয় প্ৰৱন্ধকগৰাকীয়ে৷
নগাঁও জিলাৰ ৰহাস্থিত টোলগেট শীঘ্ৰে খোল খাব বুলিও কয় NHAI-এ৷ NHAI-এ ৰাজ্যৰ ৬৪৯ কিঃ মাঃ পথ সাঙুৰি লব৷ আনহাতে খানাপাৰাৰ পৰা জালুকবাৰীলৈ ১৮ কিঃ মিঃ পথ ৬লেনযুক্ত কৰিব৷ শিলচৰৰ পৰা শ্ৰীৰামপুৰলৈ নতুন পথৰ বাবেও সাজু কেন্দ্ৰীয় সংস্থাটোৱে৷ নামনি অসমৰ চিৰাং জিলাত ধলাপৰাস্থিত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত বহুওৱা টোলগেট একাংশ লোকে ২০১৫ চনৰ ১৭ মে’ত অগ্নি সংযোগ কৰিছিল৷
মুম্বাইৰ ব্যক্তিগত খণ্ডৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে লাভ কৰা টোলগেট’ত স্থানীয় একাংশ লোকে অগ্নিকাণ্ড সংঘটিত কৰাৰ লগতে ২৫টা কম্পিউটাৰ আৰু ৩৫টা চিচিটিভি ভাঙি পেলাইছিল৷ উক্ত সময়ত অখিল গগৈয়ে টোলগেট’ৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছিল৷ অখিল গগৈ জেলত বন্দী হৈ থকাৰ সময়তে এইবাৰ ৰাজ্যত বিজেপি চৰকাৰ থকা সময়ত পুনৰ টোলগেট আৰম্ভ কৰিব বিছৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
স্মৰ্তব্য যে, উজনিৰ পৰা নামনিলৈ কোনটো ৰাষ্ট্ৰীয় ঘাই পথ সম্পুৰ্ণ কৈ নিৰ্মাণ কৰিছে চৰকাৰে৷ গাতৰ বাবে ৰাজ পথত গাড়ী-মটৰ চলাবৰ বাবে পৰিবেশ নোহোৱা হৈছে৷ স্মৰ্তব্য যে, ইয়াৰ পুৰ্বে চিৰাং জিলাৰ সমীপত আৰু নগাঁৱৰ ৰহাত টোলগেট বহুৱাইছিল যদিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেবাটাও সংগঠনৰ তীব্ৰ প্ৰতিবাদত বন্ধ কৰিবলৈ বাধ্য হৈছিল৷