অসমৰ বজাৰত পকা বিলাহী নহয় সেয়া যকৃত-কৰ্কট ৰোগৰ বীজাণু খাইছে আপুনি

বালিপৰাঃ আপুনি নিশ্চয় বিলাহী খাই৷ আপুনি বজাৰলৈ গলে নিশ্চয় পকা ৰঙা ৰংৰ বিলাহী কেইটাকে পছন্দ কৰে৷ পছন্দটো কৰিবই কিয়নো দেখাত মোহনীয় আৰ্কষনীয় হৈ থাকে৷ ঘৰলৈ বিলাহী কিনি আনি বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন বনাই খাই৷ যদি আপুনি সচাকৈ বজাৰৰ পৰা বিলাহী কিনি খাই তেন্তে সেয়া বিলাহী নহয় আপুনি কৰ্কট আৰু যকৃতৰ দৰে ৰোগৰ বীজাণু খাইছে৷

আপোনাক ব্যৱসায়ী আৰু একাংশ কৃষকে মিলি আপোনাৰ বাধ্য কৰাইছে কাৰ্বাইড যুক্ত বিলাহী খাবলৈ৷ হয়, কাৰ্বাইডেৰে কেচা বিলাহী মুহূৰ্ততে পকাই ব্যৱসাসী আৰু কৃষকে৷ কাৰ্বাইড ছটিয়াই দিলে কেচা বিলাহী ৰঙা ৰংৰ হৈ পৰে৷ দেখাত আকৰ্ষণীয় হয়৷ খাবলৈ সোৱাদ যুক্ত হয়৷ ৰাজ্যৰ বজাৰত এতিয়া কাৰ্বাইড যুক্ত বিলাহী ভৰি পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাত ব্যাপক হাৰত চলিছে এনে কাৰ্য৷ শোণিতপুৰৰ বালিপৰাৰ ঘাইপথৰ দাতিত মুকলিকৈ চলে এই কাৰ্য৷

একাংশ ব্যৱসায়ী তথা কৃষকে কেচা বিলাহী গছৰ পৰা ছিঙি আনি মুকলি পথাৰত মেলি দিয়ে৷ কেচা বিলাহীত স্প্ৰে কৰি কৃত্ৰিমভাৱে পকাই বজাৰত মেলি দিয়ে৷ কাৰ্বাইডৰ পৰা মানৱ দেহত বিভিন্ন ৰোগ হোৱাৰ আশংকা কৰাই নহয় চিকিৎসা বিজ্ঞানীসকলে মানৱ দেহত ইয়াৰ প্ৰভাৱ পৰা বুলি কৈ আহিছে৷ মানৱ দেহত যকৃত আৰু দেহৰ কিছু অংশত ইয়াৰ প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰাই নহয় চিন্তিত পৰিছে চিকিৎসকসকল। ইয়াৰ ফলত মানৱ দেহত যকৃত-কৰ্কট ৰোগ হয় বুলি কব খোজে চিকিৎসকে৷

কিন্তু ইমানপৰ পিছতো ৰাজ্যৰ প্ৰশাসনৰ সন্মুখত দিনদুপৰতে একাংশ লোক ব্যস্ত হৈ পৰিছে এই বৰবিহ কাৰ্বাইড বিলাহীত মিহল কৰাত৷ শোণিতপুৰৰ বালিপৰাৰ খনামুখৰ ৰেলগেটৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই নিতৌ ব্যৱহাৰ কৰা হয় কাৰ্বাইড৷ অসাধু ব্যবসায়ীয়ে অৰুণাচলৰ পৰা কেচা বিলাহী ক্ৰয় কৰি কাৰ্বাইড স্প্ৰে কৰি বিলাহী পকাই ৷ কাৰ্বাইড নামৰ ঔষধ বিধ কেচা বিলাহীত স্প্ৰে কৰিলে এদিনৰ ভিতৰতে কেচা বিলাহী পকি ৰঙা পৰে।