শনিবাৰে নিশাৰ পৰা বৃদ্ধি হ’ব টোলগেটৰ ভাড়া, পুনৰ মাধমাৰ সোধাবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ

ডিজিটেল ডেস্কঃ টোলগেটৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাবলৈ পুনৰ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ৷ ০১ এপ্ৰিলৰ পৰা বৃদ্ধি হ’ব টোলগেটত দিবলগীয়া টকাৰ পৰিমাণ৷ NHAI-এ টোলগেটৰ ভাড়া বৃদ্ধি কৰি ৫ ৰ পৰা ৭ শতাংশ কৰিব৷ 

ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক মহম্মদ আচিফে সমগ্ৰ দেশত ৩৭২টা টোল প্লাজা থকা বুলি কৈ প্ৰত্যেক বিত্তিয় বৰ্ষত ভাড়াৰ বৃদ্ধি কৰা হয় বুলি কয়৷ হোলচেল প্ৰাইচ ইণ্ডেক্সৰ অধিনত ভাড়াৰ পৰিৱৰ্তন কৰা হ’ব৷ সমগ্ৰ দেশতে একে ভাড়া কৰিব পাৰে ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণ বুলিও কয় আচিফে৷ 

৩১ মাৰ্চৰ মাজনিশাৰ পৰা এই নিয়ম ৰূপায়ন কৰিব ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণে৷ প্ৰায় সংখ্যক টোল গেটত ৫ শতাংশ হাৰতে টোলগেটৰ ভাড়া বৃদ্ধি কৰা হৈছে৷ মাহিলী অনুমতি ললেও ৫০ বাৰতকৈ অধিক আহ-যাহ কৰা বাহনৰ ক্ষেত্ৰটো ভাড়া বৃদ্ধি কৰা হ’ব৷ সৰু গাড়ীৰ অতিৰিক্ত ১০ টকা দিব লাগিব৷ দিল্লীৰ ২নং ঘাইপথত সৰু গাড়ীয়ে অতিৰিক্ত ১০ টকা, ২১ নং ঘাইপথত অতিৰিক্ত ৬ টকা দিব লাগিব৷

আনহাতে আগ্ৰা ট্ৰান্সপোৰ্ট এচোছিয়েচনৰ সভাপতি বিৰেন্দ্ৰ গুপ্তাই এনেদৰে ভাড়া বৃদ্ধি কৰা কাৰ্যক মানি লব পৰা নাযায় বুলি কয়৷ মালবাহী ট্ৰাক সমূহে এই ক্ষেত্ৰত সমস্যাত পৰে বুলি কয়৷ ডিজেলৰ দাম, ইন্সুৰেঞ্চৰ প্ৰিমিয়াম বাঢ়িছে, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ ফলত টোলগেটৰ ভাড়া বৃদ্ধি মানি লব পৰা নাযায় বুলি কৈ এই সিন্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয়৷  

আনহাতে সংগঠনটোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা খুবেই বেয়া বুলি কয়৷ উত্তৰ ভাৰত, উত্তৰ পূৰ্বাঞ্চল, দিল্লী আদিত বহু পথ নিৰ্মাণৰ কাম আজিলৈ নোহোৱাৰ লগতে বহু পথৰ অৱস্থা জৰাজীৰ্ণ বুলি কয়৷