উজনিৰ ৰাজ পথত বিষ্ণুৰ দ্বিতীয় অৱতাৰ

চৰাইদেউঃ সনাতন ধৰ্মত কাছক বিষ্ণুৰ দ্বিতীয় অৱতাৰ জ্ঞান কৰা হয়। সত্য যুগৰ অৱতাৰ ৰূপে জ্ঞান কৰা হয় কাছ অৰ্থাৎ কূৰ্মক৷ কিয়নো হিন্দু ধৰ্মৰ প্ৰবাদ মতে ভগৱান শ্ৰী বিষ্ণুয়ে ওপৰৰ অংশ যদিও মানুহৰ ৰূপ ধাৰণ কৰিছিল তলৰ অংশ মৎস অৰ্থাৎ মাছৰ ৰূপ ধাৰণ কৰিছিল৷ প্ৰবাদ মতে মহাপ্ৰলয়ৰ পৰবৰ্তি সময়ত মৎস্যক সংগী কৰি সাগৰৰ তলত নিদ্ৰামগ্ন হৈ ব্ৰত ধাৰণ কৰিছিল ভগৱান বিষ্ণুৱে৷

ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালেও গ্ৰীক দেৱতাৰ সৈতেও কাছৰ সৈতে সম্পৰ্কৰ নানা কথা ওলাই পৰে৷ গ্ৰীক দেৱতা হাৰ্মিচৰ প্ৰতীক হেনো মৎস্যই আছিল৷ হয়, শুকুৰবাৰে নিশা বিষ্ণুৰ দ্বিতীয় অৱতাৰ ওলাল ৰাজ পথত৷ উজনিৰ ৰাজ পথত ওলাল প্ৰায় ৩০ কেজি ওজনৰ কাছ। চৰাইদেউ জিলাৰ সোণাৰিৰ মাজমজিয়াৰ ৰাজপথত শুকুৰবাৰে সন্ধিয়া পথত বিচৰণ কৰে বিলুপ্তপ্ৰায় এটা বৰ কাছ।

নগৰৰ মাজমজিয়াৰ বৰপুখুৰীৰৰপৰা পাৰলৈ উঠি অহা ৰাজ পথ পাই কাছটোৱে৷ পংকজ দিহিঙীয়া আৰু ৰফিউৰ হুছেইন নামৰ দুজন স্থানীয় যুৱকে কাছটো উদ্ধাৰ কৰি পুনৰ বৰপুখুৰীত এৰি দিয়ে।ধোদৰ আলিত এটা কাছ বিচৰণ কৰাৰ কথা নগৰখনত বিয়পি পৰাত বহু লোকে কাছ চাবলৈ হেতা-ওপৰা লগায়৷