
newsnextone.com | মঙলদৈঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ হাপামাৰাত এগৰাকী সাংবাদিকক জোৱানে শাৰিৰীক-মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ লক্ষীমপুৰস্থিত এ পি আৰ কেম্পৰ এটা দলে হাপামাৰাত তালাচী চলাই থকাৰ সময়তে সাংবাদিকগৰাকী নিৰ্যাতনৰ বলি হ’ব লগ হয় বুলি অভিযোগ উত্থাপন হৈছে।
গুৱাহাটীস্থিত ব্যক্তিগত খণ্ডৰ নিউজ চেনেল এটাৰ স্থানীয় সাংবাদিক হাফিজুৰ ৰহমানে হেলমেট পৰিধান নকৰাকৈ ঘৰৰ পৰা ওলাই আহিছিল৷ সেই সময়তে বীৰেন বৰা নামৰ জোৱান এজনে তালাচী চলোৱাৰ নামত শাৰীৰিক ভাবে অপদস্থ কৰাৰ লগতে আৱদ্ধ কৰি ৰাখে সাংবাদিকগৰাকীক।
নিজকে সাংবাদিক বুলি পৰিচয় দিয়াৰ লগতে দুচকীয়া বাহনৰ সকলো কাগজ পত্ৰ দেখুওৱাৰ পিছতো জোৱানজনে অশ্ৰাব্য ব্যৱহাৰ কৰে সাংবাদিকগৰাকীক৷ আনহাতে কৰ্তব্যৰত জ্যেষ্ঠ কনিষ্টবল এজনে তেনে নকৰিবলৈ কোৱাৰ পিছতে সাংবাদিকজনক অপদস্থ কৰিবলৈ এৰা নাছিল৷ তাৰ পিছত কেইবাঘণ্টা আৱদ্ধ কৰি ৰাখে সাংবাদিকজনক৷
অৱশেষত দৰং জিলাৰ আৰক্ষী অধীক্ষকে পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক উক্ত স্থানলৈ পঠাই দিয়াতহে সাংবাদিকজনক এৰি দিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ ৰুজু কৰাৰ কথা ব্যক্ত কৰিছে নিৰ্যাতিত সাংবাদিকজনে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ৰক্ষাকৰ্তাক এনেদৰে অপদস্থ কৰা কাৰ্যক সহজে লব পৰা নাই সচেতন ৰাইজে।