
বঢ়মপুৰঃ হাতী-মানুহৰ সংঘাট ৰাজ্য খনৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে৷ প্ৰতিদিনে ৰাজ্যৰ কোনোবা নহয় কনোবা ঠাইত হাতী মানুহৰ সংঘাটত জীৱন-সম্পত্তিৰ ক্ষতি হয়৷ খাদ্যৰ সন্ধানত জন অৰণ্যলৈ ওলাই অহা হাতীৰ জাকে দৰিদ্ৰ কৃষকৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বিনষ্ট কৰাৰ লগতে ঘৰ-বৰ, ভাঙি পেলায়৷
ইমানে নহয় বহু লোকক হত্যা কৰি আহিছে৷ মাতী-মানুহৰ প্ৰত্যক্ষ সংঘাটৰ ফলত হাতীৰো মৃত্যু হৈ আহিছে৷ তাৰ পিছতো ৰাজ্যৰ কোনো দলৰ চৰকাৰ তথা বন বিভাগে ব্যৱস্থা কৰা দেখা নাযায়৷ তাৰ বিপৰীতে দুগৰাকী বিদেশী পৰ্যটকে তথা হস্তী বিশেষজ্ঞই চামগুৰিৰ বৃহত্তৰ চাপানালা অঞ্চলত ৰাইজৰ মাজত কিছু সামগ্ৰী বিতৰণ কৰি দ্বায়িত্ববোধ আৰু মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে৷
নেশ্বাৰ এণ্ড ৱাইল্ড লাইফ এচছিয়েশ্বন আৰু গ্ৰীন-গাৰ্ড নেশ্বাৰ এচছিয়েশ্বনৰ উদ্যোগত চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ প্ৰচেষ্টাত বিদেশৰ পৰা অহা পৰ্যটক এণ্ডি মাৰ্ক আৰু নেনী মৰ্টেইলে বন্যহস্তীৰ উপদ্ৰৱ তথা আক্ৰমণৰ পৰা ৰাইজক কিছু সকাহ দিবলৈ চাপানালাকে ধৰি নগাঁও-কাৰ্বি আংলং সীমান্তৰ প্ৰায় ২৫খন গাঁৱৰ লোকৰ মাজত মাজত বিতৰণ কৰে হেড-টৰ্চ লাইট। বিয়াগোম বন বিভাগে হস্তী-মানৱৰ সংঘাত নিৰ্মূলৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ সময়তে দুগৰাকী বিদেশী গৱেষকে চাপানালাত বাহৰ পাতি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰিব বুলি জানিব পৰা গৈছে৷