
দলংঘাটঃ দৰং জিলাৰ পশ্চিম দৰঙৰ আন্ধেৰীঘাট বামুণঝাৰ গাঁৱৰ বাসিন্দা তথা আন্ধেৰীঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শশধৰ তালুকদাৰৰ শুকুৰবাৰে পুৱাই মৃত্যুক আকোৱালি লয়৷
বিশিষ্ট সমাজকৰ্মী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল প্ৰধান শিক্ষক শশধৰ তালুকদাৰ। দীৰ্ঘ দিনৰ পৰা ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আহিছিল৷
মৃত্যুৰ সময়ত পত্নী, তিনি পুত্ৰ আৰু বোৱাৰী ইহসংসাৰত এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷