
খেৰণিঃ বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত পৰিষদে কৃষি খণ্ডৰ উন্নয়ণৰ বাবে কাম কৰি যাব৷ এই লক্ষ্য সন্মুখত ৰাখি আগবাঢ়িছে পৰিষদ খনে৷ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা নামেৰে ৰাজ্য চৰকাৰে কৃষকৰ বাবে ৰূপায়ণ কৰা আঁচনি খনক কাৰ্বি আংলঙত যথেষ্ট গুৰুত্ব সহকাৰে লোৱা হ’ব৷ এই উদ্দেশ্য লৈ দেওবাৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ আৰটুকেকাঙত ট্ৰেক্টৰ প্ৰদৰ্শনীৰ আয়োজন কৰে কাৰ্বি আংলঙৰ কৃষি বিভাগে৷
প্ৰদৰ্শনীত পাৱাৰ ট্ৰেক, এ চি ই, প্ৰীত, সোনালিকা, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, মেছি ফাৰগুশ্বন, স্বৰাজ, নিউ হলেণ্ড আদি কোম্পানীয়ে ভিন্ন মূল্যৰ আৰু ভিন্ন নমুনাৰ ট্ৰেক্টৰ কৃষকৰ মাজত প্ৰদৰ্শন কৰে৷ পশ্চিম কাৰ্বি আংলঙৰ মুঠ ৯ টাকৈ পৰিষদীয় সমষ্টিৰ কৃষক উপস্থিত থকা প্ৰদৰ্শনীত মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

প্ৰদৰ্শনী সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, স্থানীয় বিধায়ক ডাঃ মানছিং ৰংপি, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিছ’, ৰূপছিং টেৰন, থৰেন্দ্ৰ ব্ৰহ্ম, পৰিষদৰ সদস্য ক্ৰমে মংগলছিং তিমুং, ৰামছিং তিমুং, প্ৰভাত টাৰ’, পৱিত্ৰ ৰংপিৰ পৰিষদীয় বিভাগীয় বৰ্ড অধ্যক্ষ দিত্যলাল হাস্নু, বিদ্যাছিং টেৰনৰ লগতে কৃষি বিভাগৰ যুটীয়া সঞ্চালক, জিলা কৃষি বিষয়া, অন্যান্য বিভাগীয় বিষয়ববীয়া আৰু তিনি শতাধিক কৃষক ৰাইজে অংশ গ্ৰহন কৰে৷
সভাত ট্ৰেক্টৰৰ মূল্যত ৭০% (৫.৫ লাখ টকালৈ সীমিত)ৰাজসাহায্য, ট্ৰেক্টৰৰ মূল্যৰ ২০% বেংকৰ পৰা ঋণ, ট্ৰেক্টৰৰ মূল্যৰ মাত্ৰ ১০% কৃষকৰ বৰঙণি, ৮-১০ জন সদস্যবিশিষ্ট কৃষকৰ গোট ইয়াৰ বাবে যোগ্য, কৃষকসকলৰ গোটে তেওঁলোকৰ পছন্দ অনুযায়ী ট্ৰেক্টৰৰ মডেল কিনিব পাৰে বুলি কোৱা হয়৷ গোটসমূহে কৃষকসকলৰ এই ট্ৰেক্টৰ ভাড়াত দিব পাৰে, জিলা পৰ্য্যায়ৰ সমিতি(ডিএলচি)য়ে কৃষকসকলৰ নিৰ্বাচন কৰিব, নিৰ্দ্ধাৰিত প্ৰপত্ৰত আবেদন কৰি জিলা কৃষি বিষয়াৰ(ডিএঅ’) সৈতে যোগাযোগ স্থাপন কৰিব লাগিব বুলি কৈ আঁচনিখনৰ সন্দৰ্ভত বিতংভাৱে কৃষক ৰাইজক অৱগত কৰায় সভাৰ মঞ্চত উপস্থিত থকা বিভাগীয় বিষয়াই৷

আনহাতে ভাষণ প্ৰসংগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বেয়ে কৃষকে কাৰ্বি পাহাৰত সেউজ বিপ্লৱৰ সূচনা কৰিব লাগিব বুলি কয়৷ গতিকে পাহাৰীয়া কৃষক ৰাইজে, আঁচনিৰ জৰিয়তে চৰকাৰে প্ৰদান কৰা সকলোবোৰ সুবিধা আদায় কৰি কৃষি উৎপাদনক্ষম আৰু উৎপাদন বৃদ্ধি কৰিব লাগিব বুলি কয় অধ্যক্ষগৰাকীয়ে৷ প্ৰতিযোগিতামূলকভাৱে ঋতুনুযায়ী প্ৰতিটো কৃষি কাৰ্য্যই সম্পাদন কৰি যাবলৈ কৃষক ৰাইজক আহ্বান জনায় হৰেনছিং বেয়ে৷
আনহাতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৃষক ৰাইজক উদ্দেশ্যে সমগ্ৰ কাৰ্বি আংলঙতে আন আন সমস্যাৰ লগতে কৃষিখণ্ডৰ সৈতে জড়িত কৃষকে সন্মুখীন হৈ অহা প্ৰতিটো সমস্যাই আমাৰ চৰকাৰে দুৰ কৰিব৷ আমাৰ চৰকাৰে তথা বিজেপি দলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৃষক ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমুহৰ ভিতৰত এটা অন্যতম প্ৰতিশ্ৰুতি আছিল ট্ৰেক্টৰ প্ৰদান কৰি কৃষক ৰাইজক সহায় কৰা৷ সেয়ে কৃষক ৰাইজক সহায় কৰাৰ উদ্দেশ্যেৰে উল্লেখিত আঁচনিখন আজি আমাৰ চৰকাৰে হাতত লৈছে বুলি কয়৷ পশ্চিম কাৰ্বি আংলং ৰাজহচক্ৰৰ অন্তৰ্গৰ মুঠ ৩২৯ খন গাঁৱৰ ভিতৰত কেৱল ২০৪ খন গাঁৱেহে ইতিমধ্যে ট্ৰেক্টৰ লাভৰ আবেদন জনাইছে৷