সৰভোগৰ পৰা পুৱা ৮-৩০ বজাত গুৱাহাটী পোৱাকৈ লাগে ৰেল

ৰঙিয়াঃ অসম ৰেলযাত্ৰী সংস্থাই ৰাইজৰ বাবে দাবী কৰিছে নুতন ৰেল৷ সৰভোগৰ পৰা এখন নতুন যাত্ৰীবাহী ৰেল দাবী কৰিছে ৰাইজৰ সহায়ৰ বাবে৷ পুৱা ৮-৩০ বজাত গুৱাহাটী পোৱাকৈ ৰেল চলাচল কৰোৱাৰ দাবী উত্থাপন কৰিছে অসম ৰেলযাত্ৰী সংস্থাই৷

এক বিবৃতি যোগে সম্পাদক দীপংকৰ শৰ্মাই এই দাবী উত্থাপন কৰি সম্প্ৰতি ৰাজ্য চৰকাৰে দিনটোৰ কামৰ সময়সূচী পৰিৱৰ্ত্তন কৰি পুৱা ৯-৩০ বজালৈ আগুৱাই অনাত দূৰ দূৰনিৰ পৰা অহা চৰকাৰী কৰ্মচাৰীসকলে সোনকালে গুৱাহাটী পোৱাটো আৱশ্যক হৈ পৰিছে৷

এনে পৰিস্থিতিত নামনিৰ দিশত কমেও সৰভোগৰ পৰা পুৱাই গুৱাহাটী পোৱাকৈ এখন যাত্ৰীবাহী ৰেলৰ অতীব প্ৰয়োজন হৈ পৰিছে৷ তদুপৰি ক্ষুদ্ৰ ব্যৱসায়ী, শাক পাচলিৰ ব্যৱসায়ী, ৰোগী, ছাত্ৰ ছাত্ৰী, দোকানী, পোহাৰী আদিৰ বাবে পুৱাৰ ভাগত গুৱাহাটী পোৱাকৈ আগৰে পৰাই এখন যাত্ৰীবাহী ৰেলৰ দাবী কৰি অহা হৈছিল৷

গতিকে সাম্প্ৰতিক নতুন পৰিস্থিতিত পুৱা ৮-৩০ বজাত গুবাহাটী পোৱাকৈ নগাঁও পৰ্যন্ত সৰভোগৰ পৰা এখন যাত্ৰীবাহী ৰেল চলোৱাটো সময়ৰ আহ্বানৰূপে দেখা দিছে ৰেল বিভাগৰ সন্মুখত৷ বিবৃতিটোত ৰেলযাত্ৰী সংস্থাই পুৱা ডেকাৰগাৱঁৰ পৰা কামাখ্যালৈ চলাচল কৰা ৰেলখন (১৫৮১৬/১৫) গুৱাহাটী ৰেল ষ্টেচন পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ বাবেও দাবী উথ্যাপন কৰিছে ৷